Tuesday, October 4, 2022
HomeNewsঅসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্টৰ ফুটছালৰ সামৰণি পৰিল : টচেন বৰা চেম্পিয়ন...

অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্টৰ ফুটছালৰ সামৰণি পৰিল : টচেন বৰা চেম্পিয়ন ট্ৰফী লাভ কৰে মহাবাহু ব্ৰহ্মপুত্ৰ দলে

অলিম্পিয়া প্ৰতিবেদন

অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েচনে আয়োজন কৰা ফুটছাল প্ৰতিযোগিতাত গুৱাহাটীৰ মহাবাহু ব্ৰহ্মপুত্ৰ দলে টচেন বৰা চেম্পিয়ন ট্ৰফী লাভ কৰে । গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত ট্ৰাইব্ৰকাৰত পৰাস্ত হোৱা ইউনাইটেড ব্ৰাডাৰ্চ ক্লাবে
প্ৰদীপ কুমাৰ ব্ৰহ্ম ৰানাৰ্চ আপ ট্ৰফী লাভ কৰে । ফাইনেলৰ প্ৰাকমুহুৰ্তত অনুষ্ঠিত প্ৰীতি খেলত অংশ লয় বিধায়কৰ দলে। ৰাজ্য সভা নিৰ্বাচনৰ ব্যস্ততা আৰু চলিত বাজেট অধিবেশনৰ মাজতে বুধবাৰে সন্ধিয়া নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুন ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত বিধায়কৰ দলে খেলিলে ফুটবল ।
অসম বিধান সভাৰ উপাধ্যক্ষ ডা: নোমল মমিনৰ নেতৃত্বত গঠিত দলটোত আছিল বিধায়ক দিগন্ত কলিতা, ৰূপক শৰ্মা, হেমাংগ ঠাকুৰীয়া, জাকিৰ হুছেইন ছিকদাৰ, জলেন দৈমাৰী, চৰন বড়ো, জিৰহন বসুমতাৰী। অভজাৰভাৰ হিচাপে আছিল উপস্থিত আছিল ৰেকিবুদ্দিন আহমেদ আৰু ছিদ্দিক আহমেদ । বিধায়কৰ দলটোৱে তাৰকা দলৰ হাতত ২-১ গ’লত পৰাজিত হয় । তাৰকা দলটোত আছিল প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, বিশিষ্ট শৰীৰচৰ্চাবিদ মহাদেৱ ডেকা, কাজিৰঙা ফুটবল একাডেমিৰ অধ্যক্ষ আৰমান আলি, জনপ্ৰিয় অভিনেতা বিবেক বৰা, পবিত্ৰ ৰাভা, নয়ন নিলিম, সংগীত শিল্পী অজয় ফুকন আৰু জ্যোতি চিত্ৰবনৰ উপাধাক্ষ সুনীল ৰাজকোঁৱৰ । বিধায়কৰ খেলৰ পিছতে অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত মহাবাহু ব্ৰহ্মপুত্ৰ দলে ইউনাইটেড ব্ৰাডাৰ্চ ক্লাবক পৰাস্ত কৰি টচেন বড়া ট্ৰফী আৰু নগদ ১৫ হাজাৰ টকা লাভ কৰে । বিজিত দলে প্ৰদীপ ব্ৰহ্ম ট্ৰফী আৰু ১০ হাজাৰ টকা লাভ কৰে । শ্ৰেষ্ঠ খেলুৱৈ জেৰীয়ে ভূৱন দত্ত সোঁৱৰণি ট্ৰফী লাভ কৰে । ট্ৰফীটো প্ৰদান কৰে প্ৰয়াত ভূৱন দত্তৰ পুত্ৰ সঞ্জীৱ দত্তই । শ্ৰেষ্ঠ গ’লৰক্ষকে চিদা দাস সোঁৱৰণি ট্ৰফী লাভ কৰে । বঁটাটো প্ৰদান কৰে চিদা দাসৰ পুত্ৰ জয়ন্ত দাসে ।
সপ্তম বৰ্ষৰ প্ৰতিযোগিতা খন অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে আয়োজন কৰিছিল । খেলৰ শেষত বঁটাসমুহ বিতৰণ কৰে অসম বিধান সভাৰ উপাধাক্ষ ডা: নোমল মমিন, বিধায়ক হেমাংগ ঠাকুৰীয়া, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ প্ৰদীপ কুমাৰ ব্ৰহ্ম, বিশিষ্ট সাংবাদিক প্ৰনয় বৰদলৈ, আয়োজক সমিটিৰ সভাপতি জয়ন্ত দাস, সাধাৰণ সম্পাদক বিপুল বৰ্মন, যুটীয়া সম্পাদক ধ্ৰুৱ জ্যোতি দাস, ধীৰাজ হাজৰিকা, নয়ন ভূঞা, বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণু ৰাম নুনিছা, কল্যান দাসে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments