Friday, September 30, 2022
HomeNewsক্ৰীড়াঙ্গনত এম এল এ বনাম চেলেব্ৰেটি

ক্ৰীড়াঙ্গনত এম এল এ বনাম চেলেব্ৰেটি

অলিম্পিয়া প্ৰতিবেদন

ক্ৰীড়াঙ্গনত এম এল এ বনাম চেলেব্ৰেটি । শাসক- বিৰোধীয়ে একেলগে খেলিলে ফুটছাল । ক্ৰীড়াৰ মন লৈ বিপক্ষত অভিনেতা -শিল্পীৰ দল ।

অব্যাহত আছে অসম বিধানসভাৰ বাজেট অধিবেশন । সভাকক্ষত কথাৰ কটা-কটি নতুন কথা নহয় । ইয়াৰ লগতে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ উত্তাল হৈ পৰিছে দিছপুৰৰ ৰাজনৈতিক ক্ষেত্ৰখন । সেই সকলোবোৰ কথা পাহৰি ক্ৰীড়াঙ্গনত নামি পৰিছে অসমৰ বিধায়কসকল । এই দৃশ্য বুধবাৰৰ সন্ধিয়া । ৰাজনৈতিক কেন্দ্ৰিক বিবাদ একাষৰীয়া কৰি ফুটছালৰ প্ৰদৰ্শনী মেচত অংশগ্ৰহণ কৰিছে শাসক-বিৰোধী উভয় পক্ষৰ বিধায়কসকলে । অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েচনে ৮ টা দলৰ মাজত আয়োজন কৰিছে ফুটছাল প্ৰতিযোগিতা । আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ টচেন বৰা আৰু প্ৰদীপ কুমাৰ ব্ৰহ্মৰ নামত অনুষ্ঠিত দুদিনীয়া প্ৰতিযোগিতাখনৰ ফাইনেলৰ আগমুহুৰ্তত এই পৰিবেশ । অসমৰ বিধায়ক আৰু শিল্পীসকলে মিলি দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত প্ৰদৰ্শনীমূলক ফুটছাল মেচত অংশ ললে । এনে খেলৰ জৰিয়তে বিধায়কসকল তথা শিল্পীসকলৰ মাজত মিলাপ্ৰীতিৰ ভাৱ জগাই তুলিব বুলি আশাবাদী ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ।

উল্লেখযোগ্যতা যে -এম এল এ দলৰ অধিনায়ক ৰূপে থাকিল অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিন । আনহাতে চেলেব্ৰেটি দলৰ অধিনায়কৰ ৰূপত থাকিল আৰমান আলী ।
বিধায়কৰ দলটোত থকা বাকী খেলুৱৈসকল হ’ল- ছিদ্দিক আহমেদ, হেমাংগ ঠাকুৰীয়া, দিগন্ত কলিতা, জীৱন বসুমতাৰী, জাকিৰ হুছেইন ছিকদাৰ আদি । আনহাতে চেলেব্ৰেটি দলৰ খেলুৱৈৰ ৰূপত অভিনেতা পবিত্র ৰাভা, নয়ন নিলীম, অজয় ফুকন, মহাদেৱ ডেকা অন্যতম। প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ থাকিল চেলিব্ৰিটি দলত । এনেকুৱা এখন আকৰ্ষণীয় মেচ আয়োজনক লৈ আনন্দিত উদ্যোক্তাৰ হৈ সাংবাদিক বিপুল বৰ্মন ।

৭ গৰাকী খেলুৱৈয়ে খেলে ফুটছাল । অন্য অৰ্থত
ফুটবলৰ এক ক্ষুদ্ৰ সংস্কৰণ এই ফুটছাল । কিন্তু এই খেলবিধ অসমত চালুকীয়া অৱস্থাত আছে । এনে পদক্ষেপৰ জৰিয়তে আগন্তুক সময়ত জনপ্ৰিয় হৈ উঠিব বুলি মন্তব্য অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিনৰ ।

খেলৰ মৈদানত নামি উৎফুল্লিত হৈ পৰিল কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ।

হৰা জিকা পাছৰ কথা, এক ক্ৰীড়াৰ মন লৈ খেলিবলৈ আহিছো বুলি মন্তব্য চেলেব্ৰেটি দলৰ সদস্য তথা অভিনেতা পবিত্র ৰাভাৰ ।

সঁচাকৈ ক্ৰীড়াৰ আছে এক অফুৰন্ত শক্তি । ঘোৰ শত্ৰুকো খেলে কৰিব পাৰে আপোন । জগাই তুলিব পাৰে ভাতৃত্ববোধ । তাৰেই জ্বলন্ত প্ৰমাণ এই ফুটছালৰ প্ৰদৰ্শনী মেচ । ক্ৰীড়া অনুৰাগীৰ আশা — ফুটছালৰ ধাৰণা অসমৰ প্ৰতি প্ৰান্তত বিয়পি পৰক । প্ৰচাৰ আৰু প্ৰসাৰে অসমৰ ক্ৰীড়াঙ্গনত শিপাওক ফুটছালে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments