Tuesday, May 17, 2022
HomeNews২০১১ ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ পাঁচগৰাকী তাৰকা, যি আজি পাহৰণিৰ গৰ্ভত

২০১১ ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ পাঁচগৰাকী তাৰকা, যি আজি পাহৰণিৰ গৰ্ভত

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

সুদীৰ্ঘ ২৮ বছৰৰ অন্তত ভাৰতে মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে দখল কৰিছিল বিশ্বকাপ। সমালোচনাৰ সুদুত্তৰ দি ভাৰতীয় দলে মুম্বাইত ৰচনা কৰিছিল ইতিহাস। মহেন্দ্ৰ সিং ধোনিৰ সবল নেতৃত্ব, যুৱৰাজ সিঙৰ বেটে-বলে আগবঢ়োৱা অৱদান, গৌতম গম্ভীৰৰ সময়োচিত ইনিংছ, জাহিৰ খানৰ নেতৃত্বত ভাৰতীয় বলিং আক্ৰমণ এই সকলোবোৰ আছিল ২০১১ ৰ বিশ্বকাপ জয়ী দলটোৰ বৈশিষ্ট্য। কোনো খেলুৱৈৰ ব্যক্তিগত প্ৰদৰ্শনতকৈ দলীয় প্ৰদৰ্শন চকুত লগা আছিল সেই দলটোৰ। কিছু সংখ্যকৰ অৱদান বহুতে আজিও স্মৰণ কৰে যদিও কিছু সংখ্যকৰ নাম আজি যেন পাহৰণিৰ গৰ্ভত লীন হৈ গৈছে। আজি এই লেখাত আমি তেনে পাঁচজন ক্ৰিকেটাৰৰ নাম উল্লেখ কৰিব খুজিছো যাৰ অৱদানৰ কথা আজি বহুতে পাহৰি পেলাইছে।


৫) ৰবিচন্দ্ৰন অশ্বিন: অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন আছিল ২০১১ ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ এজন নিৰ্ভৰযোগ্য সদস্য। তেওঁ ভাৰতীয় দলৰ তৃতীয়গৰাকী বলাৰৰ ভূমিকা পালন কৰিছিল। অশ্বিনে কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে সুন্দৰ বলিং প্ৰদৰ্শনৰে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কেৱল দুখন মেচেই খেলিছিল যদিও চকুত লগা প্ৰদৰ্শন আগবঢ়াইছিল। ভাগ লোৱা দুখন মেচত তেওঁ ৪ টাকৈ উইকেট ল’বলৈ সক্ষম হৈছিল। সময়ৰ লগে লগে এইগৰাকী বলাৰৰ ভূমিকাই গুৰুত্ব লাভ নকৰা হৈ আহিল। আজি ২০১১ ৰ বিজয় স্মৰণ কৰিলে কোনেও অশ্বিনৰ কথা নকয়।

) মুনাফ পেটেল: বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৰ এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ আছিল মুনাফ পেটেল। তেওঁ ভাৰতীয় বলিং আক্ৰমণৰ সহযোগী আছিল। ৮ খন মেচত অৱতীৰ্ণ হৈ তেওঁ দখল কৰিছিল ১১ টাকৈ উইকেট। গোটেইকেইখন মেচতে তেওঁৰ কিছু নহয় কিছু অৱদান আছিল। পাকিস্তানৰ বিপক্ষে খেলা ছেমি ফাইনেলত তেওঁৰ ভূমিকা উল্লেখনীয় আছিল। বৈচিত্ৰময় বলিঙৰে প্ৰতিপক্ষ বেটছমেনক বিবুধিত পেলোৱা মুনাফ পেটেলৰ নাম আজি কোনেও বিশ্বকাপ জয়ৰ নায়ক হিচাবে মনত নেপেলায়।

৩)সুৰেশ ৰাইনা: ভাৰতীয় মিডল অৰ্ডাৰ বেটিঙৰ তেওঁ অপৰিহাৰ্য অংশ আছিল। ৰাইনাই প্ৰথম কোৱাৰ্টাৰ ফাইনেলত যুৱৰাজ সিঙক শেষলৈকে সহযোগিতা আগবঢ়াইছিল। ছেমি ফাইনেলতো পাকিস্তানৰ বিপক্ষে শেষৰ বলটোত ৰান কৰি ভাৰতৰ স্ক’ৰক এক সন্মানজনক স্থানলৈ লৈ গৈছিল। ৰাইনাই চাৰিখন মেচতহে অংশ লৈছিল। প্ৰায় ৯৬ ৰান ৰেটৰ সহায়ত তেওঁ ৭৪ ৰান সংগ্ৰহ কৰিছিল।

২) হৰভজন সিং: ২০১১ৰ উক্ত জয়ৰ বাবে হৰভজন সিঙকো কৃতিত্ব দিয়া নাযায়। ভাৰতীয় দলৰ স্পীন আক্ৰমণৰ নেতৃত্ব লৈছিল তেওঁ। দায়িত্বও পালন কৰিছিল সুচাৰুভাৱে। পাকিস্তানৰ বিপক্ষে হৰভজনে ছাহীদ আফ্ৰিদী আৰু উমৰ আকমলৰ উইকেট দখল কৰি ভাৰতীয় দলৰ জয়ত নিৰ্ণায়ক ভূমিকা লৈছিল। তেওঁ মুঠ ৯ মেচত ভাগ লৈ উইকেট লৈছিল ৯ টা। ইকনমি আছিল ৪.৪৮।

১) বীৰেন্দ্ৰ সেৱাগ: ২০১১ বিশ্বকাপ জয়ৰ কথা আলোচনা হ’লে বীৰেন্দ্ৰ সেৱাগৰ কথাও বৰ বেছি চর্চা নহয়। আক্ৰমণাত্মক বেটিং শৈলীৰ বাবে জনাজাত সেৱাগে প্ৰথমখন মেচতে অর্জন কৰিছিল শতকো। বিশ্বকাপত তেওঁ ৮ খন মেচ খেলি ৪৭.৫০ গঢ়ে ৩৮০ ৰান সংগ্ৰহ কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পাকিস্তানৰ বিপক্ষে মেচখনত তেওঁ দ্ৰুত গতিৰে কৰা ৰানে ভাৰতীয় দলক সহায় কৰিছিল সেই সময়ত। এইগৰাকী বীৰেন্দ্ৰ সেৱাগৰ নামো সততে উল্লেখ কৰা নাযায় বিশ্বকাপ জয়ৰ কথা ক’লে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments