Wednesday, July 6, 2022
HomeNewsএসময়ৰ সাঁতোৰ চাঞ্চল্য ফাৰিহা জামান এতিয়া কিহত ব্যস্ত! বিদেশ ৰাষ্ট্ৰৰ পৰা অসমলৈ...

এসময়ৰ সাঁতোৰ চাঞ্চল্য ফাৰিহা জামান এতিয়া কিহত ব্যস্ত! বিদেশ ৰাষ্ট্ৰৰ পৰা অসমলৈ কি বাৰ্তা দিলে সাঁতোৰবিদগৰাকীয়ে

অলিম্পিয়াৰ বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

আজিৰ পৰা দহ পোন্ধৰ বছৰ আগতে অসমৰ বাতৰি কাকতসমূহৰ ক্ৰীড়া পৃষ্ঠাত সততে উচ্চাৰিত হোৱা এটা নাম আছিল ফাৰিহা জামান। সেই সময়ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই গৰাকী অসম কন্যাই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈও সক্ষম হৈছিল। বহুকেইখন নেচনেল চেম্পিয়নশ্বিপ, ছাফ গেমছৰ দৰে আন্ত:ৰাষ্ট্ৰীয় প্রতিযোগিতাত কিশোৰী ফাৰিহাই অদমনীয় প্ৰদৰ্শনেৰে ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অভিলেখৰ পিছত অভিলেখ। ইখনৰ পিছত সিখন টুৰ্ণামেণ্টত লাভ কৰা সফলতাই কিশোৰী ফাৰিহাক ভাৰতৰে এগৰাকী প্ৰতিভাৱান সাঁতোৰবিদ ৰূপে প্ৰতিষ্ঠা কৰিছিল। ভাৰতীয় সাঁতোৰ ক্ষেত্ৰৰ চাঞ্চল্য হিচাবে পৰিগণিত হৈছিল কিশোৰী ফাৰিহা।

এসময়ত অসমৰ প্ৰতিজন ক্ৰীড়াপ্ৰেমীৰ এক চিনাকি নাম হৈ পৰা ফাৰিহা জামান ক’ত হেৰাল? কিয় আজি ফাৰিহাৰ বাতৰি কোনেও নোপোৱা হ’ল! জলপৰী ফাৰিহাই সাঁতোৰ বাদ দিলে নেকি! এনে বহু প্ৰশ্নই অসমৰ ক্ৰীড়াপ্ৰেমীৰ মনত উদয় হোৱাটো তেনেই স্বাভাৱিক। আমিও তেনে কিছু প্ৰশ্ন লৈ ফাৰিহা জামানৰ সৈতে কথা হৈছিলোঁ। ফাৰিহাই জনোৱা মতে তেওঁ বৰ্তমান ইউনাইটেড আৰব এমিৰাটছৰ চহৰ ডুবাইত।

ডুবাইত কি কৰি আছে ফাৰিহাই ?

ফাৰিহা জামানৰ বৰ্তমানৰ ঠিকনা হৈছে ডুবাই। বৰ্তমান ইউনাইটেড আৰব এমিৰাটছস্থিত আন্তৰ্জাতিক প্ৰতিষ্ঠান জেমছ গ্ৰুপ অৱ এডুকেশ্বনৰ মুখ্য সাঁতোৰ প্ৰশিক্ষক হিচাবে কৰ্মৰত হৈ আছে ফাৰিহা জামান। ২০১৪ চনতে তেওঁ অসম এৰি ইউ এ ইলৈ গৈছিল। প্ৰথম অৱস্থাত সাঁতোৰৰ পৰা স্কোৱাছলৈ তেওঁ ক্ৰীড়াক্ষেত্ৰ সলনি কৰিবলৈ বিচাৰিছিল যদিও মূৰকত সেই সিদ্ধান্ত বাতিল কৰিছিল। বৰ্তমান এজাক শিশু, কিশোৰ-কিশোৰীক পানীৰ সৈতে আত্মীয়তা গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰি ভৱিষ্যতৰ অনেক ফাৰিহা জন্ম দিয়াৰ কাৰ্যত ব্ৰতী হৈছে এসময়ৰ তাৰকা সাঁতোৰবিদগৰাকী। তাৰোপৰি, ইউ এ ইৰ বিখ্যাত ক্লাব টুৰ্ণামেণ্টৰ দৰে প্ৰতিযোগিতামূলক ক্ৰীড়াতো অংশ লৈ আহিছে সাঁতোৰবিদগৰাকীয়ে।

জেমছ গ্ৰুপ অৱ এডুকেশ্বনৰ প্ৰশিক্ষাৰ্থীৰ সৈতে ফাৰিহা জামান


অৱশ্যে বৰ্তমান বিশ্বব্যাপী চলি থকা কৰোনাৰ গ্ৰাসৰ পৰা ইউ এ ইও মুক্ত হৈ থকা নাই। অৱধাৰিত ভাৱে স্বাভাৱিক জীৱন যাত্ৰা তাতো ব্যাহত হৈছে। সেয়ে ঘৰতে আবদ্ধ হৈ পৰিছে ফাৰিহাও।লকডাউনৰ শিথিলতা ইউ এ ইতো উঠাই দিয়া হৈছে যদিও ক্ৰীড়ামূলক কাৰ্যসূচীসমূহ জুনৰ শেষলৈকে পুনৰ অনুষ্ঠিত হোৱাৰ আশা নাই। ফাৰিহাই এই সময়ছোৱাত ঘৰৰ পৰাই প্ৰশিক্ষাৰ্থীসকলক অনলাইনৰ জৰিয়তে প্ৰয়োজনীয় প্ৰশিক্ষণ অব্যাহত ৰাখিছে। তাৰোপৰি এটি সন্তানৰ গৰাকী ফাৰিহাই সন্তানৰ লগতে ঘৰৰ বাকীসকলৰ সৈতেও সময় কটাইছে এই দিনকেইটাত।

বুকুৰ একোণত এতিয়াও অসমে বাস কৰে!

সোধা হৈছিল ফাৰিহাক, মনত পৰেনে অসমলৈ? “অসমক বহুত বেছি মিছ কৰোঁ।’ ফাৰিহাই কৈছিল। অসমৰ পৰিৱেশ, ইয়াৰ হাৱা-পানী, ইয়াৰ মানুহ, অসমীয়া খাদ্য, নিজৰ ঘৰখন, মুঠতে অসম সম্পৰ্কীয় প্ৰতিটো কথাই মনত সযতনে ৰাখিছে ফাৰিহাই। প্ৰতিটো কথাই মিছ কৰে তেওঁ। অসম সদায় তেওঁৰ লগতে থাকে। হৃদয়ৰ একোণত তেওঁৰ অসমে বাস কৰে।

সাঁতোৰত অসমৰ সম্ভাৱনা প্ৰবল, কিন্তু…..

ডুবাইত থাকে যদিও ফাৰিহাই অসম সাঁতোৰৰ প্ৰতিটো কথাৰেই খবৰ ৰাখে। ফাৰিহাই জানে অসমত সাঁতোৰ এতিয়া কেনে পৰ্যায়ত আছে। অসম সাঁতোৰৰ নৱতম চাঞ্চল্য শিৱাংগী শৰ্মাৰ সৈতেও যোগাযোগত আছে তেওঁ।

“অসমত প্ৰতিভাৰ অভাৱ নাই। বিশেষকৈ জুনিয়ৰ পৰ্যায়ত বহু সম্ভাৱনাময় সাঁতোৰবিদ দেখিবলৈ পোৱা যায়। কিন্তু ছিনিয়ৰ পৰ্যায়লৈ সেই ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰাটো এটা ডাঙৰ সমস্যা। আমাৰ ভাৰতীয় মানসিকতাত লৰা ছোৱালী ডাঙৰ হৈ অহাৰ লগে লগে খেলৰ পৰা মনোযোগ আঁতৰাই পঢ়া শুনাৰ বাবে চাপ দিয়া হয়। এনেবোৰ কাৰণতে ছিনিয়ৰ পৰ্যায়লৈ ভাল এথলিট নোলায়।”অসমৰ সাঁতোৰ সন্দৰ্ভত এনেদৰে কয় ফাৰিহাই।

” তাৰোপৰি, বৈজ্ঞানিক তথা মানসিক স্তৰতো কিছুমান কথাৰ অভাৱ থাকে। আমি এই কথা বুজিব লাগে যে জুনিয়ৰ পৰ্যায়টোৱেই শেষ কথা নহয়। ছিনিয়ৰ পৰ্যায়তো সমানে গুৰুত্ব দিয়া উচিত।” ফাৰিহাই লগতে কয়।

শিৱাংগী শৰ্মাৰ সম্পৰ্কতো ফাৰিহাই কয় যে শিৱাংগী এগৰাকী প্ৰতিভাৱান সাঁতোৰবিদ। তেওঁক কেৱল উচিত তত্বাৱধানৰ প্ৰয়োজন। তাৰোপৰি ভাল প্ৰদৰ্শন কৰি থকাৰ মাজতে কেতিয়াবা প্ৰদৰ্শনত কিছু শিথিলতা আহে। সেই সময়খিনিত তেওঁক সকলোফালৰ পৰা পৰাই সহযোগিতাৰ দৰকাৰ হ’ব।

ফাৰিহাৰ সাঁতোৰ জীৱনৰ কেইটামান মুহূৰ্ত


উল্লেখযোগ্য যে গুৱাহাটীৰ জীয়ৰী ফাৰিহাই ২০০৬ চনত কলম্বোত অনুষ্ঠিত দক্ষিণ এছীয় ক্ৰীড়াত ভাৰতক প্ৰতিনিধিত্ব কৰি ৫০,১০০,২০০ মিটাৰ ব্ৰেকষ্ট্ৰোকৰ লগতে ৪০০×১০০ মিটাৰ মেডলী ৰিলেত স্বৰ্ণ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। বহুকেইখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা ফাৰিহাই ২০০৭ চন পৰ্যন্ত ৩৪ টাকৈ ৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰাৰ লগতে ১৩ টাকৈ ৰূপৰ পদকৰ লগতে ৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। অসমৰ এই তাৰকা সাঁতোৰবিদগৰাকীৰ নামত আছে সাতটাকৈ আন্তৰ্জাতিক অভিলেখ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments