Wednesday, July 6, 2022
HomeNewsপ্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈৰ দুৰৱস্থা; আনৰ ঘৰত কাম কৰি খাবলগীয়া হৈছে গহপুৰৰ এইগৰাকী...

প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈৰ দুৰৱস্থা; আনৰ ঘৰত কাম কৰি খাবলগীয়া হৈছে গহপুৰৰ এইগৰাকী ক্রীড়াবিদে

অলিম্পিয়া প্রতিবেদন

এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। নাম মিনাক্ষী বৰুৱা। বিশ্বনাথ জিলাৰ বৰঙাবাৰীৰ জীয়ৰী মিনাক্ষী। ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালৰ যুৱতী মিনাক্ষী। এটা সময়ত ক্রীড়াৰ মাধ্যমেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এই খেলুৱৈগৰাকীয়ে। পাঞ্জা যেন জীৱনৰ অংগ আছিল খেলুৱৈগৰাকীৰ বাবে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছিল খেলুৱৈগৰাকী। অবিভক্ত শোণিতপুৰ জিলাৰ বহু কেইখন উচ্চস্তৰৰ প্ৰতিযোগিতাত কেইবাটাও খিতাপ আজুৰি আনিছিল তেওঁ। অংশ লৈছিল বিশ্বনাথ জিলাৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰতিযোগিতাতো। ৰাষ্ট্ৰীয় পৰ্যায়তো কৃতিত্ব অৰ্জন কৰিছিল মিনাক্ষীয়ে।

১৯৯৮ চনত কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল এই গৰাকীখেলুৱৈয়ে। য’ত ৪৫ কি: গ্ৰা: শাখাত অর্জন কৰিছিল শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপো। এই প্ৰতিযোগিতাৰ পিছতেই তেওঁ সুযোগ লাভ কৰে ইজিপ্ট যাত্ৰাৰ। এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰে মিনাক্ষীয়ে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা এখনত এনেদৰে অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো নিঃসন্দেহে গৰ্বৰ বিষয় এগৰাকী পাঞ্জা খেলুৱৈৰ বাবে। কিন্তু আৰ্থিকভাৱে অতি দুৰ্বল হোৱাৰ বাবেই হাততে পায়ো তেওঁ এই সুযোগ হেৰুৱাব লগাত পৰে।

তদানীন্তন অসম বিধান সভাৰ অধ্যক্ষ গণেশ কুটুমকো সহায়ৰ বাবে আৱেদন কৰিছিল যদিও ফল দিয়া নাছিল। যাৰ বাবে যেন কলিতেই মৰহি যাব ধৰিলে মিনাক্ষীৰ ক্রীড়া প্ৰতিভা। ২০০২চনৰ কোনোবা এটা দিনত বিবাহ পাশত আবদ্ধ হল বিশ্বনাথ চাৰিআলিৰ সাধৰু পাৰগাঁৱৰ উৎপল বৰাৰ লগত। মিনাক্ষী বৰুৱা গৈ হল গৈ মিনাক্ষী বৰা। কিন্তু তাৰ পিছতো দৰিদ্ৰতাই লগ এৰা নাই তেওঁক। জীয়াই থকাৰ বাবে কৰিবলগীয়া হৈছে কঠোৰ সংগ্ৰাম। নিজৰ ঘৰৰ খেতি খলাৰ উপৰি কেতিয়াবা আনৰ ঘৰতো কাম কৰিব লগা হৈছে এই গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে। একেদৰে স্বামীয়েও বেপাৰ বাণিজ্যৰ উপৰি বেলেগৰ কাম কৰিব লগীয়া হৈছে। এনেদৰেই নিজৰ দুটা পুত্ৰ সন্তানক শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দিছে তেওঁলোকে।

শেহতীয়াকৈ অসম চৰকাৰে খেলুৱৈৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ আঁচনি। খেলুৱৈসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। আশাবাদী তেওঁলোক। এইবাৰ কিবা এটা হ’ব। স্থানীয় বিধায়ক ৰঞ্জিত দত্তকো সহায়ৰ বাবে জনাইছে অনুৰোধ। কিন্তু দুৰ্ভগীয়া মিনাক্ষীয়ে আজিকোপতি লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য্য। এতিয়া সেয়ে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জনাইছে বিশেষ অনুৰোধ “মোক সহায় কৰক। মোৰ পৰিয়ালটোক জীয়াই থকাৰ এটা বাট দেখুৱাওক। অন্তত: সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে।”-

এতিয়া প্ৰশ্ন উঠিছে ক্ৰীড়াৰ প্ৰতি সততে শ্ৰদ্ধাশীল বুলি পৰিচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৃদয় গলাব পাৰিবনে এইগৰাকী দুৰ্ভগীয়া খেলুৱৈৰ জীৱনৰ কৰুণগাঁথাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments