প্ৰাক্তন ফুটবলাৰ তথা গুৱাহাটী মেডিকেল কলেজৰ ইউৰ’লজিষ্ট বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ শৰৎ চন্দ্ৰ দত্তৰ পুৱা ১০:৩০ মিনিটত গুৱাহাটীৰ এপ’ল’ হাস্পতালত মৃত্যু হয়।
প্ৰয়াত শৰৎ চন্দ্ৰ দত্ত এগৰাকী সক্ৰিয় সমাজ কৰ্মীৰ লগতে এসময়ত সন্তোষ ট্ৰফীৰ অসম দলৰ অধিনায়ক আছিল। ইয়াৰ উপৰিও তেওঁ লাইয়নছ ক্লাবৰ জিলা গৰ্ৱনৰ, মেণ্টেল ৱেলফেয়াৰ ছ’চাইটি, গুৱাহাটীৰ সভাপতি, ইণ্ডিয়া ক্লাব, গুৱাহাটীৰ সভাপতি হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও পেঞ্চনাৰ্ছ্ এছ’চিয়েশ্বনৰ সদস্য আছিল।
প্ৰয়াত শিক্ষাবিদ, সমাজকৰ্মী তথা ক্ৰীড়াবিদজনে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জীৱন-জোৰা সাধনা বঁটাও লাভ কৰিছিল।