Tuesday, October 4, 2022
HomeNewsবনগাঁৱৰ সমৰকলা খেলুৱৈ ফ্ৰান্সিছ বড়োলৈ আৰ্থিক সাহাৰ্য্য

বনগাঁৱৰ সমৰকলা খেলুৱৈ ফ্ৰান্সিছ বড়োলৈ আৰ্থিক সাহাৰ্য্য

অলিম্পিয়া প্ৰতিবেদন

এগৰাকী ২১ বছৰীয়া অসমৰ ৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ । নাম ফ্ৰান্সিছ বড়ো । অবিৰতভাৱে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জনেৰে কঢ়িয়াই আনিছে অসমলৈ গৌৰৱ।

দক্ষিণ কামৰূপৰ বনগাঁও দাৰিয়াপাৰা গাঁৱৰ নিবাসী ফ্ৰান্সিছে জীৱনৰ কঠোৰ সংগ্ৰামৰ মাজৰে চলাই গৈছে নিজৰ সমৰকলা চৰ্চা । খেতিয়ক পিতৃ বিনন্দ বিহাৰী বড়োৰ পুত্র ফান্সিছ । চলিত বৰ্ষত বকো কলেজৰ পৰা স্নাতক উত্তীৰ্ণ হোৱা খেলুৱৈগৰাকী উশ্বু, কুংফু, কিক বক্সিং আদি সকলোতে পাৰ্গত । আৰ্থিকভাৱে দুৰ্বল এই তৰুণ খেলুৱৈগৰাকীক উৎসাহ জনোৱাৰ উদ্দেশ্যে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২৮ নং উত্তৰ উত্তৰ বনগাঁও ৰাভা হাছং সমষ্টিৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভা শুক্ৰবাৰে উপস্থিত হয় ফান্সিছৰ গৃহত । বিগত সময়ত ক্ৰীড়াজগতত খেলুৱৈ গৰাকীয়ে আগবঢ়োৱা বৰঙণিৰ ভিত্তিত আগবঢ়ালে এককালীন আৰ্থিক সাহায্যৰ চেক । এই সাহায্য লাভ কৰি উৎফুল্লিত হৈ পৰে ফান্সিছ । অনাগত দিনতো ৰাইজৰ সহযোগিতা কামনা কৰিলে খেলুৱৈ গৰাকীয়ে ।

উল্লেখযোগ্য যে, ফান্সিছে ২০১০ বৰ্ষৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আন্তঃৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ তথা প্ৰশিক্ষক মনোজ কুমাৰ দাসৰ “বনগাঁও অল মাৰ্চিয়েল আৰ্ট এণ্ড ছেলফ্ ডিফেন্স” একাডেমীত । এতিয়ালৈ বিভিন্ন প্ৰতিযোগিতাত ৰাজ্যিক পৰ্য্যায়ত ১৭ টা স্বৰ্ণ আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত ফান্সিছে লাভ কৰিছে ৯ টা পদক । ইয়াৰ উপৰি, উত্তৰ পূব চেম্পিয়নশ্বিপতো আজুৰি আনিছে ৩ টাকৈ স্বৰ্ণ ।

ক্ৰীড়া অনুৰাগীৰ আশা — ক্ৰীড়াঙ্গনত অপ্ৰতিৰোধ্য হৈ থাকক ফান্সিছ বড়ো । নিজৰ ক্ৰীড়া শৈলীৰে গৌৰৱান্বিত কৰক দক্ষিণ কামৰূপৰ বনগাঁৱৰ লগতে সমগ্ৰ অসমক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments