অলিম্পিয়া প্ৰতিবেদন
পাথৰকুৱেৰীত প্ৰীতি ফুটবল।গীত-নৃত্যত জীপাল মঠঘৰীয়া প্ৰাথমিক বিদ্যালয় খেলপথাৰ। প্ৰীতি ফুটবল উপভোগ কৰিবলৈ ৰাইজৰ ভীৰ। প্ৰীতি ফুটবল টুৰ্ণামেন্টৰ চেম্পিয়ন মণিং ক্লাৱ “খ”।
দেওবাৰে আজিৰ খবৰ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰীতি ফুটবল। এই প্ৰীতি ফুটবলত অংশ ল’লে মণিং ক্লাৱ ‘ক’ আৰু মণিং ক্লাৱ ‘খ’ দল দুটাই। দুভৰিৰ চন্দত প্ৰাণ পাই উঠিল মহানগৰীৰ মঠঘৰীয়া প্ৰাথমিক বিদ্যালয় খেলপথাৰ। ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰণয় বৰদলৈয়ে প্ৰীতি ফুটবল খেলখনৰ শুভ উদ্বোধন কৰে।তীব্ৰ উত্তেজনাপূৰ্ণ আছিল এই প্ৰীতিফুটবল মেচ। মৰ্নিং ক্লাব’ খ’ দলটোৱে প্রতিপক্ষ মৰ্নিং ক্লাব ‘ক’ ক পেনাল্টি শ্বুট আউটত ২-১ গ’লত পৰাস্ত কৰি প্ৰীতি ফুটবল টুৰ্ণামেন্টৰ খিতাপ অৰ্জন কৰে।
প্ৰথম অৰ্থৰ ৩০ মিনিটত দুয়োটা দলে গ’ল কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল যদিও সফল নহল। দ্বিতীয় অৰ্ধতো গ’লবিহীন ভাৱে নিৰ্ধাৰিত মুঠ ৬০ মিনিটৰ অন্ত পৰে।অতিৰিক্ত ১৫ মিনিটতো গ’ল দিয়াত ব্যৰ্থ হয় দুয়োটা দল।যাৰ বাবে দুয়োটা দলৰ মাজত পেনাল্টি শ্বুট আউট কৰা হৈছিল আৰু ইয়াত মৰ্নিং ক্লাব ‘খ’ দলটোৱে ২-১ গ’লত জয়লাভ কৰে। নৱপ্ৰজন্মক খেলৰ প্ৰতি উৎসাহিত কৰিবৰ বাবে সংবাদ প্ৰতিষ্ঠানটোৰ এনে পদক্ষেপ। অসমৰ ক্ৰীড়াক্ষেত্রৰ সুন্দৰ বাতাবৰণৰ মাজতেই আজিৰ খবৰে গ্ৰহণ কৰা উদ্যোগক শলাগ লয় কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ মুখ্য উপদেষ্টা প্ৰদীপ কলিতাই।
ইয়াৰোপৰি এই প্ৰীতি ফুটবল মেচত মুখ্য অতিথিৰূপে উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোপাল চন্দ্ৰ কলিতা, পাথৰকুৱেৰী কল্যাণ সমিতিৰ সদস্য সতীশ বৈশ্য, এজাইল হাস্পাতালৰ চিকিৎসক অভিজিৎ দেৱ। প্ৰীতি ফুটবলৰ ট্ৰফী প্ৰদান কৰিলে অসম কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ উপদেষ্টা প্ৰদীপ কলিতাই। আজিৰ খবৰে মহানগৰবাসীক উপভোগ কৰিবলৈ সুবিধা কৰি দিলে এখন ৰোমাঞ্চিত ফুটবল মেচ। সংবাদ প্ৰতিষ্ঠানটোৰ এনে পদক্ষেপক অসমৰ ফুটবলপ্ৰেমী ৰাইজে কৰিছে প্ৰশংসা। ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব এই অব্যাহত থাকক। ৰাইজৰ মাজত গঢ়ি উঠক ক্ৰীড়াসুলভ মনোভাৱ।