Sunday, October 2, 2022
HomeNewsগোলাঘাটৰ বাৰমুখীয়াৰ পৰা টকিঅ'লৈ ; এক অপ্ৰতিৰোধ্য যাত্ৰা!

গোলাঘাটৰ বাৰমুখীয়াৰ পৰা টকিঅ’লৈ ; এক অপ্ৰতিৰোধ্য যাত্ৰা!

অলিম্পিয়া প্রতিবেদন

অদমনীয়, অভূতপূৰ্ব অবিশ্বাস্য। অলিম্পিকত সোণালী ইতিহাস লিখিলে অসম কন্যা লাভলীনাই। অসমৰ হৈ অলিম্পিকত প্ৰথমটো পদক নিশ্চিত কৰি লাভলীনাই সূচনা কৰিলে অসমৰ ক্রীড়া ইতিহাসত এক নতুন অধ্যায়ৰ। বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ জয়ী চাইনীজ টাই পেইৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে লাভলীনাই। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই প্ৰতিপক্ষ চেন নিয়েন চিনক ৪-১ ব্যৱধানত পৰাস্ত কৰে।

অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান লাভলীনাৰ এই সাফল্যত এতিয়া আনন্দৰ ঢল বৈছে সমগ্ৰ ৰাজ্যজুৰি। গোলাঘাটৰ বাৰমুখীয়াৰ পৰা টকিঅ’লৈ – এক অদমনীয় যাত্ৰা লাভলীনাৰ। সমগ্ৰ ৰাজ্যই আজি গৌৰৱ কৰিছে টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ জীয়ৰীক লৈ। এগৰাকী সম্পৰ্কীয় বায়েকে মাৰ্চিয়েল আৰ্ট মুৱাথাইত নামভৰ্তি কৰি দিছিল লাভলীনাক।

সেয়া আছিল ২০১১ চনৰ কথা। মুৱাথাইত দেখুৱাইছিল পাৰদৰ্শিতা কিশোৰী লাভলীনাই। তাৰ পিছত বক্সিঙৰ পথাৰত ভৰি দিয়া লাভলীনাই ২০১২ চনৰ জুলাইত অনুষ্ঠিত প্ৰথম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত ভাগ লৈ সোণৰ পদক জয় কৰিছিল। সেয়াই আৰম্ভণি। আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হোৱা লাভলীনাই অলিম্পিকত পদক জয়েৰে তেওঁৰ চৰম আকাংক্ষাকো স্পৰ্শ কৰিলে।

অলিম্পিকত ৰাজ্যক প্ৰতিনিধিত্ব কৰা চতুৰ্থগৰাকী অলিম্পিয়ান তেওঁ। তেওঁৰ আগতে এই কৃতিত্ব অর্জন কৰিছিল ক্ৰমে দীপাংকৰ ভট্টাচাৰ্য্য, জয়ন্ত তালুকদাৰ আৰু শিৱ থাপাই। দৌৰবিদ হিমা দাসৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছিল যদিও মূৰকত অলিম্পিক টিকটৰ পৰা বঞ্চিত হয় তেওঁ। ইয়াৰ পৰিৱৰ্তে চাৰে তিনিকোটি জনসাধাৰণৰ আশা আকাংক্ষা বুকুত বান্ধি টকিঅ’লৈ উৰা মাৰে গোলাঘাটৰ জীয়ৰী লাভলীনাই। আশা কৰা ধৰণে জীৱনৰ প্ৰথমটো অলিম্পিকতে জিলিকি উঠে অসম কন্যা লাভলীনা।

সমুখত এতিয়া আন এক সুযোগ। ব্ৰঞ্জতেই সীমাবদ্ধ নাথাকি লাভলীনাই জয় কৰক স্বৰ্ণ। দেশৰ প্ৰথমগৰাকী স্বৰ্ণকন্যা হৈ পৰক অসম জীয়ৰী লাভলীনা। এই মুহূৰ্তত সকলো অসমবাসীৰ সেয়াই আশা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments