ক্ৰীড়া উদ্দীপনা: দিল্লীৰ শ্লামৰ পৰা গৈ সেউজীয়া ট্ৰেকত ধুমুহা আনিবলৈ সাজু নিচাৰ

অলিম্পিয়া বিশেষ প্ৰতিবেদন

(প্ৰতিভূ দত্তৰ মূল লেখাৰ আঁত ধৰি)

দিল্লীৰ শ্লাম( slum) এটাৰ ঠেক গলিবোৰৰ মাজে মাজে দৌৰি যোৱা ল’ৰা এজনে যাকেই সন্মুখত দেখিছে বা পাইছে চিঞৰি কৈছে- ‘ দুটা ভাঙি দিলো। পাত্তাই নাপালে। আম্মা আব্বাক দেখিছে নেকি?’ এনেদৰেই আম্মা, আব্বাক বিচাৰি হাবাথুৰি খাই অহা ল’ৰাটোৰ নাম নিচাৰ আহমেদ। মহম্মদ হক আৰু শ্বফিকুনন্নিছাৰ পুতেক নিচাৰ।

পিতৃ মহম্মদ হক আৰু মাতৃ শ্বফিকুনন্নিছাৰ সৈতে নিচাৰ

দিল্লীৰ আজাদপুৰৰ ৰেলআলিৰ কাষৰ বঢ়া বাগৰ শ্লামৰ বাসিন্দা মহম্মদ আৰু শ্বফিকুনন্নিছা। মহম্মদৰ মাল টনা ৰিক্সা এখন আছে। সেইখনৰে আজাদপুৰৰ বিভিন্ন ঠাইত চলি থকা নিৰ্মাণ কাৰ্য্যলৈ চিমেণ্ট বা লোহা কঢ়িয়ায়। আজাদপুৰত মহম্মদক বহুতেই নানুক বুলিয়েই জানে।নানুকৰ দৈনিক উপাৰ্জন দিনে ২০০ টকা। সেইখিনিৰে সংসাৰ নচলে। গতিকে পৰিবাৰ শ্বফিকুনন্নিছাই ওচৰৰে কেইবাঘৰত ঘৰুৱা কাম কৰি আৰু দু পইচা উপাৰ্জন কৰে। এই যে নিচাৰে হঠাৎ চিঞৰি চিঞৰি কৈছিল দুটা ভাঙি দিলোঁ বুলি সেয়া আছিল দুটা ৰাষ্ট্রীয় অভিলেখ। নিচাৰে ১০০ আৰু ২০০ মিটাৰ দৌৰত দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ লগতে তেওঁ ১০০ মিটাৰ দৌৰত যি সময় লৈছিল সেয়া দিল্লী পুৰুষৰ ছিনিয়ৰ অভিলেখতকৈও ২ চেকেণ্ড সময় কম আছিল।

১৬ বছৰীয়া নিচাৰ এজন দৌৰবীৰ— স্প্ৰিন্টাৰ। ১৫ বয়সত নিচাৰে দিল্লী ৰাজ্যিক এথলেটিক মীটত নিচাৰ আছিল ডবল স্প্ৰিন্ট মেডেলিষ্ট। নিচাৰে পদক দুটা লৈ দৌৰি দৌৰি মাক দেউতাকক বিচাৰি ফুৰিছিল।নিচাৰে জানিছিল ইচ্ছা থকাৰ পিছতো মাক দেউতাকে নিচাৰৰ দৌৰ বা পদক লাভ কৰাৰ দৃশ্য চাবলৈ ষ্টেডিয়ামলৈ যাব পৰা নাছিল। ষ্টেডিয়ামলৈ যোৱা মানেই দিনৰ উপাৰ্জন হেৰুৱাব লাগিব। সেয়া সম্ভৱ নাছিল তেওঁলোকৰ বাবে। নিচাৰে দৌৰিবলৈ আৰম্ভ কৰাৰ পিছত দৌৰৰ জোতা(spike),চোলা পেন্ট, সুষম আহাৰ আদিৰ বাবে মহম্মদ হকে ২৮,০০০ টকাৰ ঋণ এটা লৈছিল। এঘাৰ মাহ ধৰি সেই ঋণ পৰিশোধ কৰাৰ নামত মহম্মদে দুগুণ কাম কৰিব লগাত পৰিছে। তেনে কৰোতে মহম্মদৰ এটা ভৰিৰ আঙুলিত ঘা লাগি ভালকৈ খোজকাঢ়িব নোৱাৰা অৱস্থা এটা হৈছে। দৰাচলতে পিতৃ মহম্মদে আজিলৈকে নিচাৰৰ দৌৰ দেখা নাই। আনৰ মুখতহে শুনিছে পুতেক হেনো এজন চেম্পিয়ন। মাক শ্বফিকুনন্নিছাই খেলৰ কথা বুজি নাপায়। কিন্তু ভাৰতৰ এথলেটিক্স ক্ষেত্ৰখনৰ বাবে নিচাৰ আহমেদ এটা ধ্ৰুৱ তৰা।

২০১৮ বৰ্ষত এইগৰাকী প্ৰতিভাৱান স্প্ৰিন্টাৰে খেলো ইণ্ডিয়া য়ুথ গেমছত ১০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। নিচাৰৰ আদৰ্শ উছেইন ব’ল্ট। উছেইনৰ দৰেই হাঁহি হাঁহি দৌৰি থাকে নিচাৰে। পাৰ্থক্য মাথোঁ এটাই—ব’ল্টৰ দৌৰৰ আৰম্ভনিটো বৰ লেহেমীয়া আৰু শেষৰ ফালে এটা অসম্ভৱ গতি। নিচাৰৰ আৰম্ভণিতেই এটা অসম্ভৱ গতি আৰু পিছৰ ফালে বেচ লেহেমীয়া এক দৌৰ। দুয়োজনেই দৌৰ শেষ কৰে হাঁহি হাঁহি। নিচাৰক যেতিয়া এজন সাংবাদিকে প্ৰশ্ন কৰিছিল- তোমাৰ সপোন কি? ভাৰতৰ এথলেটিকছৰ সবাতোকৈ সম্ভাৱনাপূৰ্ণ খেলুৱৈজনৰ উত্তৰ আছিল, —- ” কোনেনো বিচাৰিব নিজৰ মাকজনীয়ে বেলেগৰ ঘৰত কাম কৰি থকাটো? মই আম্মাৰ কাৰণে কিবা এটা কৰিব বিচাৰো।”

আদৰ্শ উছেইন ব’ল্টৰ সৈতে নিচাৰ

উছেইন ব’ল্টক ভাল পোৱা সেই নিচাৰে অৱশেষত সুযোগ লাভ কৰিছিল দ্য উছেইন ব’ল্ট একাডেমীত প্ৰশিক্ষণ গ্ৰহণৰ। ভাৰত চৰকাৰে তাৰ সু বন্দোৱস্ত কৰি দিছিল। উছেইনক লগ পাই নথৈ সুখী হৈছিল। “উছেইন ব’ল্টক লগ পাই মোৰ সপোন পূৰণ হ’ল। তেওঁৰ পৰা বিভিন্ন টিপছ লাভ কৰি মই যথেষ্ট সুখী আৰু ইয়াৰ পৰা উপকৃত হ’ম বুলি আশা কৰিছোঁ। “ ব’ল্টৰ অকাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি আহি নিচাৰে কয়। অৱশ্যে মাজতে নিচাৰ বয়স ফাকিৰ বাবে বৰ্তমান বয়স শাখাৰ প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰা বঞ্চিত হৈ আছে নিচাৰ। বয়স ফাঁকিৰ অপৰাধত দুবছৰৰ বাবে তেওঁৰ বয়সৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা নাপালেও তেওঁ ছিনিয়ৰ পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ ল’বলৈ পাৰিব। আশা কৰিব পাৰি নিচাৰ সকলোধৰণৰ বাধা বিঘিনিৰ পৰা আঁতৰি আহি বিশ্ব এথলেটিকছ ক্ষেত্ৰৰ বাবে নিজকে সাজু কৰি তুলিবলৈ সক্ষম হ’ব। ২০২৪ ৰ পেৰিছ অলিম্পিকত হয়তো নিচাৰে ভাৰতৰ ত্ৰিৰংগ উজলাই তুলিব সেই আশা কৰিবলৈ ভাল পাব প্ৰতিজন ক্ৰীড়াপ্ৰেমীয়েই।

Leave a Reply

Your email address will not be published. Required fields are marked *