Wednesday, October 5, 2022
HomeNewsঅলিম্পিকৰ পৰা অৰ্জুনলৈ: বাৰমুখীয়াৰ পৰা লাভলীনাৰ বিশ্বমুখী যাত্ৰা

অলিম্পিকৰ পৰা অৰ্জুনলৈ: বাৰমুখীয়াৰ পৰা লাভলীনাৰ বিশ্বমুখী যাত্ৰা

✍️ পূৰ্ণানন্দ নেওগ

প্রতিটো সাক্ষাৎকাৰতে লাভলীনাক ভৱিষ্যত সপোনৰ কথা সুধিলে এটাই উত্তৰ লাভ কৰা যায়। উত্তৰত অলিম্পিকত দেশৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সপোনৰ কথা দৃঢ়তাৰে দোহাৰে লাভলীনাই। ২০২০ বৰ্ষৰ ৮ মাৰ্চ। আন্তৰ্জাতিক নাৰী দিৱস। সেইসময়ত জৰ্ডানৰ অ’মান চহৰত চলি আছিল এছিয়ান কোৱালিফায়াৰৰ মেচসমূহ। ইয়াৰ পৰাই এছিয়া মহাদেশৰ বক্সিং তাৰকাসকল নিৰ্বাচিত হ’ব টকিঅ’ত অনুষ্ঠিত হ’ব লগীয়া আগন্তুক অলিম্পিকলৈ। প্ৰতিযোগিতাখন অসমৰ বাবে আছিল বিশেষ। ইতিমধ্যে ৰাজ্যখনৰ তাৰকা এথলিট হিমাৰ নাম অলিম্পিক দৌৰৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হোৱাৰ পৰিপ্ৰেক্ষিতত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল লাভলীনাৰ ওপৰত। দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী লাভলীনাই ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে। মেৰীকমৰ উত্তৰসূৰী হিচাবে সকলোৰে মনত প্ৰত্যয়ৰ আভা সিঁচি দিছে লাভলীনাই। তাৰ বাবেই ৮ মাৰ্চ দিনটোলৈ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী অধীৰ আগ্ৰহেৰে ৰৈ আছিল।

সময় তেতিয়া নিশা ন বাজি ১৫ মিনিট। লাভলীনা বক্সিং ৰিঙত নমাৰ সময়। গ্ল’ভযোৰত সমগ্ৰ শক্তি কেন্দ্ৰীভূত কৰি লাভলীনাই ভৰি দিছিল বক্সিং ৰিঙত।কেইটামান শাসৰুদ্ধকাৰী মুহূৰ্ত। তাৰ পাছত ৰেফাৰীৰ হুইছেল। কিছু মুহুৰ্তৰ অপেক্ষাৰ অন্তত ঘোষণকাৰীৰ ঘোষণা। আৰু প্ৰত্যাশিতভাৱেই নীলা জাৰ্চিৰ লাভলীনাৰ হাতখন দাঙি ধৰিছিল ৰেফাৰীয়ে। সৃষ্টি হৈছিল এক বৰ্ণিল ইতিহাস। অথচ এইমাত্ৰ কি ঘটি গ’ল তাৰ একো উৱাদিহ পোৱা নাছিল লাভলীনাই।খেলৰ শেষত সচৰাচৰ হোৱাৰ দৰে হোটেলকক্ষলৈ উভতিছিল লাভলীনা। লগত আছিল মুখ্য প্ৰশিক্ষক ৰাফাইলে বাৰগমাছক’ আৰু প্ৰশিক্ষক সন্ধ্যা গুৰুং। হোটেল কোঠাত ভৰি দিয়েই তিনিওৰে মাজত আলোচনা হৈছিল পৰৱৰ্তী মেচৰ কথা। ৰণনীতি প্ৰস্তুত কৰা হ’ল কিদৰে পৰৱৰ্তী মেচৰ প্ৰতিদ্বন্দী চীনৰ গো হঙক ৰোধিব পৰা যায়। কিছু সময় আগতে যে লাভলীনাই সৰুৰে পৰা পুহি ৰখা অলিম্পিকৰ সপোনটোৱে বাস্তৱ ৰূপ পালে সেই কথা মুহূৰ্তলৈ যেন পাহৰিয়েই পেলাইছিল বক্সাৰ গৰাকীয়ে। ঘৰৰ পৰা যেতিয়া দেউতাকে ভিডিঅ’ কল কৰি দেখুৱালে কেনেদৰে বাৰমুখীয়া গাৱঁৰ ওচৰ চুবুৰীয়া আহি চোতাল ভৰি পৰিছেহি, কেনেদৰে সকলো উৎফুল্লিত হৈ পৰিছে, গৌৰৱত সকলোৰে বুকু উথলি উঠিছে। তেতিয়াহে প্ৰথমবাৰৰ বাবে অনুভৱ হ’ল লাভলীনাৰ যে তাই কিবা এটা ডাঙৰ কাম কৰি পেলালে। অনুভৱ কৰিলে হয়, তাইও অলিম্পিকৰ মজিয়াত ভৰি দিব। অলিম্পিকত পদক জিনাৰ বাটত আৰু এঢাপ আগুৱালে তাই। দুগালেৰে দুধাৰি চকুলো বৈ আহিল লাভলীনাৰ।

এনেদৰেই যি সপোন কেইদিনমান আগতে অসমবাসীক হিমাই দেখুৱাইছিল, অলিম্পিক যাত্ৰাৰ সেই সপোন হিমাই নহয়, কোনো হৈ হাল্লা নোহোৱাকৈ সংগোপনে সেই সপোনক সাকাৰ ৰূপ দিলে গোলাঘাটৰ বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনাই। গোলাঘাটৰ বাৰমুখীয়া গাঁৱৰ ধূলি বালি শিৰত লৈ ডাঙৰ হোৱা লাভলীনা আজি দেশৰ এগৰাকী আগশাৰীৰ বক্সাৰ। সেই গৰাকী বক্সাৰেই লাভ কৰিলে ২০২০ বৰ্ষৰ অৰ্জুন বঁটাও। অৰ্জুন বঁটা লাভ কৰা ষষ্ঠগৰাকী অসমীয়া হোৱাৰ গৌৰৱ অর্জন কৰিলে লাভলীনাই। ইয়াৰ আগতে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপা আৰু হিমা দাসে লাভ কৰিছিল এই সন্মান।

সমগ্ৰ ৰাজ্যই আজি গৌৰৱ কৰিছে টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ জীয়ৰী লাভলীনাক লৈ। এগৰাকী সম্পৰ্কীয় বায়েকে মাৰ্চিয়েল আৰ্ট মুৱাথাইত নামভৰ্তি কৰি দিছিল লাভলীনাক।সেয়া আছিল ২০১১ চনৰ কথা। মুৱাথাইত দেখুৱাইছিল পাৰদৰ্শিতা কিশোৰী লাভলীনাই। তাৰ পিছত বক্সিঙৰ পথাৰত ভৰি দিয়া লাভলীনাই ২০১২ চনৰ জুলাইত অনুষ্ঠিত প্ৰথম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত ভাগ লৈ সোণৰ পদক জয় কৰিছিল। সেয়াই আৰম্ভণি। আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হোৱা সেই লাভলীনাই এতিয়া ইটোৰ পিছত সিটো সন্মান লাভ কৰি অসমবাসীৰ বুকুত লৈছে এক সুকীয়া আসন। অনাগত সময়ত অৰ্জুন লাভলীনা উজলি উঠক। গ্লেমাৰৰ দুনীয়াখনৰ পৰা নিজকে বচাই ৰাখি চৰম লক্ষ্যত উপনীত হওঁক। সকলো শুভাকাংক্ষীৰ দৰেই আমাৰো সেয়াই কামনা। অলিম্পিয়াৰ পৰা লাভলীনালৈ অৰ্জুন বঁটা প্ৰাপ্তিৰ তথা আগন্তুক অলিম্পিক যাত্ৰাৰ বাবে অলেখ শুভকামনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments