Tuesday, October 4, 2022
HomeNewsজি এচ এ অনলাইন দবাত হীৰেন টায়ুং চেম্পিয়ন

জি এচ এ অনলাইন দবাত হীৰেন টায়ুং চেম্পিয়ন

অলিম্পিয়া বাৰ্তা

লকডাউনৰ সময়ছোৱাত দবা খেলুৱৈসকলক ঘৰতে থাকি দবা প্রতিযোগিতাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিছে গুৱাহাটী দবা একাডেমীয়ে। সেই অনুসৰি জি এছ এৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ল অনলাইন মুকলি দবা প্ৰতিযোগিতাৰ।

প্ৰতিযোগিতাৰ ছয় ৰাউণ্ডৰ টুৰ্ণামেণ্টখনত ৫ পইণ্ট অৰ্জন কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে হীৰেন টায়ুঙে। হিৰকজ্যোতি ডেকাই সমান পইণ্ট অর্জনেৰে ট্ৰাইব্ৰেকাৰ স্ক’ৰত পিছ পৰি দ্বিতীয় স্থান দখল কৰে। তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰে ক্ৰমে ছামাৰিটান দত্ত আৰু নিহাদ ইছলাম হাজৰিকাই।

আনহাতে ছোৱালীৰ শাখাত বিজয়ী হয় বৰ্ষিতা চহৰীয়াই। ইয়াৰ লগতে ৭ বছৰ অনুৰ্ধত ৪ পইণ্টৰে ৰজত বাফনাই , ৯ বছৰ অনুৰ্ধত জয়ৰাজ বৰ্মন, ১১ বছৰ অনুৰ্ধত জ্যোৎষ্ণা তালুকদাৰ, ১৩ বছৰ বয়সত তনভীৰ আহমেদ, ১৫ বছৰ অনুৰ্ধত শুভম কুমাৰ বিজয়ী হয়। উল্লেখযোগ্য যে মুঠ ৫৬ গৰাকী খেলুৱৈৰ মাজত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে শুভংগ প্ৰাণ কাশ্যপে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments