Wednesday, October 5, 2022
HomeNewsগাংগুলীয়ে স্পষ্ট কৰিলে ভাৰতত কেতিয়া হ'ব অল ষ্টাৰ গেম

গাংগুলীয়ে স্পষ্ট কৰিলে ভাৰতত কেতিয়া হ’ব অল ষ্টাৰ গেম

শাঘ্ৰেই ভাৰতত নহয় অল ষ্টাৰ গেম। এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে।

ভাৰতত আই পি এলৰ পূর্বে ভাৰতীয় ক্ৰিকেটাৰৰ লগতে বিদেশৰ বিভিন্ন তাৰকা ক্ৰিকেটাৰক একগোট কৰি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অল ষ্টাৰ গেম নামেৰে এখন প্রদর্শনীমূলক মেচ আয়োজনৰ চিন্তা–চর্চা কৰিছিল। কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মেচখনক লৈ এতিয়াও সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি অল ষ্টাৰ গেম আই পি এল সমাপ্তিৰ পিছতহে অনুষ্ঠিত কৰ হ’ব। কিন্তু কেতিয়া এই ষ্টাৰ গেম অনুষ্ঠিত কৰা হ’ব তাৰ তাৰিখ বৰ্তমানলৈকে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে ধাৰ্য কৰা নাই।

উল্লেখ্য যে ইতিমধ্যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ সূচী বি চি চি আয়ে প্ৰকাশ কৰিছে। বি চি চি আইৰ সূচী অনুসৰি ২৯ মার্চৰ পৰা ১৭ মে’লৈ আই পি এলৰ লীগ পর্যায়ৰ মেচসমূহ খেলোৱা হ’ব আৰু ২৪ মে’ত প্রতিযোগিতাখনৰ চূড়ান্তমেচখন অনুষ্ঠিত হ’ব৷ ইাৰ পূৰ্বে আকৌ ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ একাংশ খেলুৱৈয়ে ১৮ আৰু ২১ মার্চত ঢাকাত এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজৰ এক প্রদর্শনী মূলক মেচত অংশ গ্ৰহণ কৰিব। গতিকে এই সময়চোৱাত বি চি চি আয়ে অল ষ্টাৰ গেম আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments