বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪ খন মেচৰ টেষ্ট শৃংখলা দখল কৰি এক নতুন অধ্যায় ৰচনা কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয় কৰা এছিয়াৰ প্ৰথম গৰাকী অধিনায়ক হিচাপে পৰিণত হৈছিল বিৰাট কোহলী।
বৰ্তমান ভাৰতীয় দলটো অষ্ট্ৰেলিয়াত। দুয়ো দলৰ মাজৰ আগন্তুক শৃংখলাক লৈ যথেষ্ট উৎসুক হৈ পৰিছে সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ক্ৰিকেটাৰলৈকে। দুয়ো দলৰ শৃংখলাক লৈ চলি থকা আলোচনা-বিলোচনাৰ মাজতে এইবাৰ ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলি আৰু প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ মাজত সাদৃশ্য আছে বুলি এক মন্তব্য আগবঢ়াইছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰশিক্ষক জন বুকুনানে। তেওঁৰ মতে কোহলিৰ নিৰ্ভীক দৃষ্টিভংগী সৌৰভ গাংগুলীৰ লগত সাদৃশ্য আছে।
এটা সাক্ষাৎকাৰত বুকাননে কয় ‘সৌৰভ গাংগুলীয়ে ভাৰতীয় দলৰ নেতৃত্ব গ্ৰহণ কৰাৰ পিছত, তেওঁ কেৱল খেলাৰ এক পৃথক উপায়েই নহয়, অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে নিজকে পৰিচালনা কৰাৰ এক পৃথক উপায়ো গ্ৰহণ কৰিছিল’।
ইয়াৰ উপৰিও বুকাননে কয়, গাংগুলীয়ে ভাৰতীয় দলক আন এক স্তৰলৈ লৈ যাবলৈ সক্ষম হৈছিল আৰু গাংগুলীৰ দৰে বিৰাট কোহলীয়েও এই একেই কাম কৰি আছে।
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গৰাকীয়ে বিৰাট কোহলিক প্ৰশংসাৰে উপচাই কয়, ‘তেওঁ অবিশ্বাস্যভাৱে ভাল কাম কৰিছে- তেওঁ ৰান কৰক বা নকৰক। যদি আমি ২০১৯ লৈ উভতি যাওঁ, পূজাৰা শৃংখলাৰ তাৰকা আছিল আৰু কোহলীয়ে কিছু বৰঙণি আগবঢ়াইছিল, সেয়ে কোহলীৰ প্ৰকৃত অৱদান হৈছে তেওঁৰ অধিনায়কত্ব আৰু যিদৰে তেওঁ মহানতাৰ পৰিচয় দিছে- কেৱল খেল জিকিবলৈ নহয়, অন্য দলক পৰাজিত কৰাৰো এক উপায়’।