Wednesday, July 6, 2022
HomeNewsঅধিনায়ক বিৰাটৰ বাবেই পৰাজয় হ'ল ভাৰতৰ : IPL ৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি...

অধিনায়ক বিৰাটৰ বাবেই পৰাজয় হ’ল ভাৰতৰ : IPL ৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি অধিনায়ক নিৰ্বাচিত কৰাৰ পোষকতা

অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলৰ দ্বিতীয় মেচত পৰাজয়ৰ পিছত অধিনায়ক বিৰাটকলৈ পুনৰ তীক্ষ্ণ বাক্যাবাণ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা একালৰ বিৰাটৰ সতীৰ্থ ক্ৰিকেটাৰ গৌতম গম্ভীৰে।

চিৰিজৰ দ্বিতীয়খন মেচত পৰাজয়বৰণ কৰি ভাৰতে এদিন ক্ৰিকেটৰ চিৰিজত পৰাজয় নিশ্চিত হোৱাত গম্ভীৰে কয় যে তেওঁ বিৰাটৰ অধিনায়কত্ব বুজি পোৱা নাই। মেচত পৰাজয়ৰ মূল কাৰণ বিৰাটৰ অধিনায়কত্ব বুলিয়েই দাবী কৰিছে বিৰাটে।

গম্ভীৰৰ মতে বিৰাটে যশপ্ৰীত বোমৰাহৰ দৰে বলাৰক আৰম্ভণিতে ২ অভাৰ বল কৰায়েই বহাই দিয়ে তেন্তে সেই অধিনায়কত্ব তেওঁ বুজি নাপায়। গম্ভীৰে অতি তীক্ষ্ণ ভাষাৰে বিৰাটক উদ্দেশ্যি কয় এয়া টি-২০ ক্ৰিকেট নহয়।

উল্লেখ্য যে আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক হিচাপে চূড়ান্ত ৰূপত ব্যৰ্থ হোৱা বিৰাটৰ অধিনায়কত্বক লৈ গম্ভীৰে পূৰ্বৰ পৰাই প্ৰশ্ন উত্থাপন কৰি আহিছে। তেওঁৰ মতে বিৰাট বেয়া অধিনায়ক নহয় যদিও ৰোহিত শৰ্মা ভাল অধিনায়ক। দুয়োৰে অধিনায়কত্বৰ মাজত এয়াই পাৰ্থক্য। যদি আইপিএলত খেলুৱৈৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ভাৰতীয় দলত স্থান দিব পাৰি তেনে অধিনায়কক কিয় নোৱাৰি? গম্ভীৰে এইদৰে প্ৰশ্ন উত্থাপন কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments