Wednesday, July 6, 2022
HomeNewsজিচিএফচি ফুটবল স্কুলৰ প্ৰতিষ্ঠা দিৱস পালন

জিচিএফচি ফুটবল স্কুলৰ প্ৰতিষ্ঠা দিৱস পালন

গুৱাহাটী মহানগৰৰ শিশুসকলক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰা আৰু নিজস্ব একাডেমীৰ বাবে প্ৰতিভা নিৰ্বাচনৰ বাবে গুৱাহাটী চিটী এফচি চমুকৈ জিচিএফচিয়ে ৰাজ্যৰ বিভিন্ন ঠাইত স্থাপন কৰা ফুটবল স্কুলসমূহৰ গুৱাহাটীৰ নালাপাৰত থকা ইন্টাৰনেচনেল স্কুলত থকা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ লগতে শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী ১৪ অক্টোবৰ তাৰিখে পালন কৰা হয় ৷

এই উপলক্ষ্যে জিচিএফচি ফুটবল স্কুলৰ লগতে আন তিনিটা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ অনুৰ্ধ ১৩ দলসমূহৰ মাজত এখন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ কাজিৰঙা ফুটবল একাডেমী, এপিআৰঅ’ জিএফচিচি আৰু উদয়ন কৃষ্টি সংঘই অংশ লোৱা এই প্ৰতিযোগিতাত উদয়ন কৃষ্টি সংঘই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷

প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত অংশ লয় অসম ফুটবল সংস্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ আৰু গুৱাহাটী ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই। অনুৰ্ধ ১০ৰ খেলুৱৈ দিব্যপ্ৰতিম বসুমতাৰীক জিচিএফচি গুৱাহাটী ফুটবল স্কুলৰ বৰ্ষটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰি হয় ৷

অনুষ্ঠানত জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা, ডৰিক ৰঞ্জন ডেকা আৰু কৌস্তৱ চক্ৰৱৰ্তীও উপস্থিত থাকে ৷ জিচিএফচি গুৱাহাটী ফুটবল স্কুলে প্ৰতিষ্ঠাকালৰে পৰা জিচিএফচি ফুটবল একাডেমীৰ বাবে খেলুৱৈ সৃষ্টিত মনোনিৱেশ কৰি আছে আৰু অনুৰ্ধ ৮ আৰু অনুৰ্ধ ১০ দলে বিগত গ্ৰেটাৰ গুৱাহাটী বেবী লীগ আৰু এপিআৰঅ’ বেবী লীগত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments