অলিম্পিয়া প্ৰতিবেদন
বেয়াৰ্ণ মিউনিখৰ তাৰকা ফুটবলাৰ জেৰ’মি ব’টাঙৰ প্ৰাক্তন প্ৰেয়সী মডেল কেছিয়া লেনহাৰ্ডৰ মৃত্যু হৈছে। জেৰমি ব’টাঙৰ সৈতে সম্পৰ্ক ছেদ হোৱাৰ এসপ্তাহ নহওঁতেই কেছিয়াৰ মৃতদেহ নিজ বাসগৃহত উদ্ধাৰ হোৱা হেতু ইয়াক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে আৰক্ষী প্ৰশাসনে।
উল্লেখযোগ্য যে এসপ্তাহ পূৰ্বে জেৰমিৰ সৈতে পোন্ধৰমহীয়া তিক্ততাপূৰ্ণ সম্পৰ্কৰ অৱসান ঘটিছিল জাৰ্মানীৰ মডেল অভিনেত্ৰী কেছিয়া লেনহাৰ্ডৰ। জেৰমিৰ সৈতে অভিজ্ঞতা সুখকৰ নাছিল কেছিয়াৰ। সম্পৰ্ক ছেদ হোৱাৰ কেইদিনমান পূৰ্বে এটা দুৰ্ঘটনাতো পতিত হৈছিল দুয়ো প্ৰেমিক যুগল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে জেৰমিয়ে প্ৰেয়সীৰ বিৰুদ্ধে দুৰ্ঘটনা সংঘটিত কৰোৱাৰ গুৰুতৰ অভিযোগ আনিছিল। জেৰ’মিয়ে আনকি কেছিয়াৰ বিৰুদ্ধে ফুটবলাৰগৰাকীৰ পূৰ্বৰ সম্পৰ্কত ভাঙোন অনাৰো অভিযোগ আনিছিল।
বুধবাৰে নিশা ৮.৩০ বজাত বাৰ্লিন আৰক্ষীয়ে মডেলগৰাকীৰ মৃতদেহ তেওঁৰ এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ কৰে। আৰক্ষীয়ে এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে। ঘটনাটোৰ সৈতে কোনো তৃতীয় পক্ষ জড়িত নাই বুলি উল্লেখ কৰিছে আৰক্ষীয়ে। ঘটনাৰ সম্পৰ্কত এই পৰ্যন্ত মুখ খোলা নাই জেৰমিয়ে। বিশ্বকাপজয়ী জাৰ্মানী দলৰ এগৰাকী অন্যতম সদস্য জেৰমি বৰ্তমান বেয়াৰ্ণ মিউনিখৰ হৈ ক্লাব বিশ্বকাপত ভাগ লোৱাৰ বাবে কাটাৰত আছে।