Friday, September 30, 2022
HomeNewsএটা প্ৰতিষ্ঠানে লৌহকন্যা লাভলীনালৈ উপহাৰ দিলে এখন বিলাসী বাহন

এটা প্ৰতিষ্ঠানে লৌহকন্যা লাভলীনালৈ উপহাৰ দিলে এখন বিলাসী বাহন

অলিম্পিয়া প্ৰতিবেদন

অলিম্পিক পদকজয়ী লাভলীনা দেশবাসীৰ এতিয়া নয়নৰ মণি।এই গৰাকী লৌহকন্যাক ৰাজ্য চৰকাৰ, বিভিন্ন প্ৰতিষ্ঠান তথা শুভাকাংক্ষীৰ উপহাৰেৰে উপচাই পেলাইছে।
কালি উত্তৰ প্ৰদেশ চৰকাৰৰ সম্বৰ্ধনা অনুষ্ঠানত অংশ লোৱাৰ পাছত শুক্ৰবাৰে পুনৰ গুৱাহাটীত উপস্থিত হয় বক্সাৰ গৰাকী।লাভলীনাই গুৱাহাটীত উপস্থিত হৈয়ে লাভ কৰিলে এটা প্ৰতিষ্ঠানৰ বিশেষ উপহাৰ।দেশলৈ অলিম্পিক পদক লাভেৰে গৌৰম্বিত কৰা লাভলীনালৈ ৰেন’ল্ট ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৱে প্ৰদান কৰিলে ৰেন’ল্ট কাইগাৰ বিলাসী বাহন।আজি গুৱাহাটীৰ ছয়মাইলত গাড়ীখনৰ ছাবি অৰ্পন কৰিলে সুধীৰ মালহোট্ৰাই।উপহাৰ গ্ৰহণ কৰি উৎফুল্লিত অসমকন্যা গৰাকী ।উল্লেখযোগ্য যে, সকলো ভ্ৰমণসূচী সামৰি আজি পিতৃৰ লগত নিজ গৃহ অভিমুখে ৰাওনা হ’ব লাভলীনা।দীৰ্ঘদিনীয়া শ্ৰম, কষ্টৰ পাছত লাভলীনাক এতিয়া প্ৰয়োজন অলপ জিৰণিৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments