Wednesday, May 25, 2022
HomeNewsভাৰতৰ জোঁৱাই হ'ল অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটাৰ গ্লেন মেক্সৱেল

ভাৰতৰ জোঁৱাই হ’ল অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটাৰ গ্লেন মেক্সৱেল

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ জোঁৱাই হ’ল অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটাৰ গ্লেন মেক্সৱেল । আই পি এলৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ জনপ্ৰিয় ক্ৰিকেটাৰ গৰাকী । ভাৰতৰ তামিল মূলৰ সুন্দৰী বিনি ৰমন হ’ল মেক্সৱেলৰ জীৱন সংগিনী ।

দৰাৰ সাজত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেল । এক দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কই পালে সফল ৰূপ । ১৮ মাৰ্চত ভাৰতীয় মূলৰ যুৱতী বিনি ৰমনৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে মেক্সৱেলে । বিয়াৰ দিনা ভাৰতীয় পৰম্পৰাগত পোছাকত দেখা গ’ল গ্লেন মেক্সৱেলক । গাত মাহ হালধি লগাই বিনি ৰমনৰ দৰা হ’ল জনপ্ৰিয় ক্ৰিকেটাৰ গৰাকী । ঘনিষ্ঠ বন্ধুবৰ্গ, পৰিয়ালৰ লোকৰ উপস্থিতিত বিবাহ বন্ধনত আবদ্ধ হ’ল ক্ৰিকেটৰ যুঁজাৰু গৰাকী ।

বিনি আৰু মেক্সৱেলৰ বিবাহৰ ফটো এতিয়া ছচিয়েল মিডিয়াত খুবেই চৰ্চিত । ইষ্টাগ্ৰামত দুয়োগৰাকী নৱ দম্পতীয়ে বিয়াৰ বিশেষ মুহুৰ্তৰ ফটো শ্বেয়াৰ কৰিছে । শুভাকাংক্ষীয়ে শুভেচ্ছাৰে উপচাই পেলাইছে দুগৰাকীকে ।

২০১৩ চনত প্ৰথমবাৰলৈ বিনি আৰু মেক্সৱেলৰ সাক্ষাৎ ঘটিছিল । ২০২০ বৰ্ষত প্ৰেমৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল গ্লেন মেক্সৱেলে । বৰ্তমান মেলবৰ্ণৰ বাসিন্দা বিনি ৰমন এগৰাকী ফাৰ্মাচিষ্ট ।প্ৰখ্যাত ভিক্টৰিয়া কলেজত অধ্যয়ন কৰিছিল বিনি ৰমনে । বিনি আৰু মেক্সৱেলৰ প্ৰেমৰ সম্পৰ্কৰ কথা হৈছিল খুবেই চৰ্চিত । অনুৰাগী উৎকন্ঠিত আছিল কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব মেক্সৱেল । সেই অপেক্ষাৰ যেন অন্ত পৰিল । মেক্সৱেলে বিনিক সামাজিক বন্ধন বিবাহৰ জৰিয়তে গোটেই জীৱনলৈ স্বীকাৰ কৰিলে ।

উল্লেখযোগ্য যে, কিছুদিনৰ আগতে, এই তাৰকা যুটিৰ বিবাহৰ নিমন্ত্ৰণী পত্রখনক লৈ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল ব্যাপক চৰ্চা । যিহেতু অহা ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল । তাৰ প্ৰাকমুহুৰ্তত মেক্সৱেলে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলৰ হৈ খেলিবলগা মেক্সৱেলে আই পি এলৰ আৰম্ভণিৰ কেইখনমান মেচত হয়তো নেখেলিব । পিছে এইবাৰ মেক্সৱেলৰ চিনাকী কিছু সুকীয়া । ভাৰতৰ জোঁৱাই হৈ খেলপথাৰত নামিব মেক্সৱেল ।

ক্ৰীড়াপ্ৰেমীৰ আশা — দুৰ্দান্তৰ পৰা অতি দুৰ্দান্ত হৈ উঠক অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটছমেন গ্লেন মেক্সৱেল । সমাগত আই পি এলত তেওঁৰ বেটিঙৰ যাদুত বুৰ যাবলৈ সাজু ক্ৰিকেট বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments