Monday, October 3, 2022
HomeNewsভাৰতৰ জোঁৱাই হ'ব অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেল !!

ভাৰতৰ জোঁৱাই হ’ব অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেল !!

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ জোঁৱাই হ’ব অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেল । ভাৰতীয় প্ৰেয়সী ভিনী ৰমনৰ সৈতে বিবাহৰ চলিছে গুণা-গথা । বিয়াৰ চিঠি ছচিয়েল মেডিয়াত ভাইৰেল।

ক্ৰিকেট বিশ্বৰ আন এক ধুমুহাৰ নাম গ্লেন মেক্সৱেল । ক্ৰিকেট মৈদানত চমকপ্ৰদ প্ৰদৰ্শনেৰে অনুৰাগীৰ অতিকে আপোন এই গৰাকী অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ । সমাগত আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে চুক্তিবদ্ধ হৈছে তাৰকা ক্ৰিকেটাৰ গৰাকী । ইয়াৰ মাজতে এখন বিয়াৰ চিঠি ছচিয়েল মিডিয়াত হৈছে ভাইৰেল। অনুৰাগীৰ মাজত বিবাহ পত্রক লৈ চলিছে অলেখ চৰ্চা ।
জানিব পৰা মতে, অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ গৰাকী ভাৰতীয় প্ৰেমিকা ভিনী ৰমনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ মন মেলিছে । উল্লেখ্য যে ভিনী ৰমন হ’ল ভাৰতীয় তামিল মূলৰ অষ্ট্ৰেলিয়াত জন্মা যুৱতী । ক্ৰিকেটাৰগৰাকীৰ এই কথা নিজ মুখে স্বীকাৰ নকৰিলেও বিবাহ পত্রই বহু কথা বুজাই যায় । তামিল অভিনেত্রী কস্তুৰী শংকৰে বিবাহৰ নিমন্ত্ৰণী পত্রখনি শ্বেয়াৰ কৰি মেক্সৱেল আৰু ভিনীক জনাইছে শুভেচ্ছা । লগতে কস্তুৰীয়ে এই বিবাহ পৰম্পৰাগত তামিল ব্ৰাহ্মণ বিবাহ পদ্ধতিৰে হ’ব পাৰে বুলি সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে এই বিশেষ পোষ্টটোত ।

উল্লেখযোগ্য যে, গ্লেন মেক্সৱেল আৰু ভিনী ৰমন বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হৈ আছিল । এই কথা পোহৰলৈ আহিছিল যেতিয়া প্ৰেমিকা ভিনী ৰমনে ২০১৭ বৰ্ষত এখন ফটো পোষ্ট কৰিছিল । কিন্তু ২০২০ বৰ্ষত গ্লেন মেক্সৱেলে দুয়োৰে এনগেইজমেন্টৰ ফটো ৰাজহুৱা কৰাত সেই ধূসৰ অধ্যায় স্পষ্ট হৈছিল ।
ইয়াৰ পাছতো এই ৰোমান্টিক যুটিৰ বিবাহ হ’ব কেতিয়া, ইয়াক লৈ চলিছিল অনুৰাগীৰ মাজত গুণা-গঁথা । চলিত বৰ্ষৰ মাৰ্চত ভাৰতৰ জোঁৱাই হ’ব পাৰে অষ্ট্ৰেলিয়ান তাৰকা ক্ৰিকেটাৰ গৰাকী।

পিছে বিবাহ বুলিয়েই থমকি থকা নাই মেক্সৱেল । বৰ্তমান অষ্ট্ৰেলিয়াতে শ্ৰীলংকাৰ বিৰুদ্ধে ৫ খন মেচৰ টি-২০ শৃংখলা খেলাত ব্যস্ত তেওঁ ।

এই বিবাহৰ নিমন্ত্ৰণী পত্ৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই গ্লেন মেক্সৱেললৈ বিভিন্ন জনৰ পৰা আহিছে শুভেচ্ছাৰ বৰষুণ । জীৱনৰ অন্য এক ইনিংছৰ বাবে সাজু হৈছে অলৰাউণ্ডাৰ গৰাকী । সকলো অনুৰাগীৰ কামনা– মেক্সৱেলৰ বিবাহ যেতিয়াই নহওক, তেওঁ ক্ৰিকেট বিশ্বত সদায়ে হৈ থাকক দুৰন্ত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments