Thursday, September 29, 2022
HomeNewsগোৱালপাৰাত সদৌ অসম দেহশ্ৰী প্ৰতিযোগিতা

গোৱালপাৰাত সদৌ অসম দেহশ্ৰী প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

সদৌ অসম শৰীৰ চৰ্চা সস্থাৰ সাধাৰন সম্পাদক মনোৰঞ্জন শৰ্মাই জনাইছে যে, ৩৩ সংখ্যক সদৌ অসম দেহশ্ৰী প্ৰতিযোগিতাখন যোৱা ১২ ডিচেম্বৰ,২০২১ তাৰিখে গোৱালপাৰা চহৰৰ বাপুজী নগৰৰ জিলা উদ্যোগ কেন্দ্ৰৰ খেল পথাৰত অনুস্থিত হৈ যায় । অসমৰ ধুবুৰী, বৰপেটা, চিৰাং, বঙাইগাও, নলবাৰী, দৰং, ওদালগুৰী, ধেমাজী, নগাও, যোৰহাট, গোলাঘাট,শিৱসাগৰ, তিনিচুকীয়া, কামৰূপ আৰু গোৱালপাৰা জিলাৰ প্ৰায় ১৭৫ জন প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰে । স্থানীয় বিধায়কৰ লগতে আছুৰ সভাপতি দীপাংকৰ নাথ, মহাদেব ডেকা, দীপক গগৈকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । প্ৰতিটো গ্ৰুপক নগদ ধনৰ লগতে মেডেল আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হয় । মি: অসম, ২০২১ ধ্ৰুবজ্যোতি কলিতাক নগদ ৫০,০০০ হেজাৰ টকাৰে আৰু জুনিয়ৰ মি: অসম,২০২১ ক ১৫,০০০ হেজাৰ টকাৰে সন্মানিত কৰা হয় । তদুপৰি মাষ্টাৰ, মিচ ফিটনেচ আৰু মেন ফিটনেচ বিজেতা সকলোকো নগদ ধনেৰে পুৰস্কৃত কৰা হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments