Sunday, October 2, 2022
HomeNewsগোলাঘাট জিলা ক্ৰীড়াসন্থা বঁটা তিলক চন্দ্ৰ গগৈক প্ৰদান

গোলাঘাট জিলা ক্ৰীড়াসন্থা বঁটা তিলক চন্দ্ৰ গগৈক প্ৰদান

গোলাঘাটৰ পৰা মৃদুল শৰ্মাৰ প্ৰতিবেদন

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ গৌৰৱোজ্জ্বল শতবৰ্ষৰ লগত সংগতি ৰাখি দেওবাৰে দ্বিতীয়দিনা বিয়লি আয়োজন কৰা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰাক্তন বিশিষ্ট ক্ৰীড়া সংগঠক তিলক চন্দ্ৰ গগৈক এই বৰ্ষৰ গোলাঘাট জিলা ক্ৰীড়াসন্থা বঁটা প্ৰদান কৰা হয় । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই শুভাৰম্ভ কৰা বঁটা প্ৰদান অনুষ্ঠানত বঁটাপ্ৰাপক গগৈক বিভিন্ন উপহাৰৰ লগতে ৫০ হাজাৰ টকাও প্ৰদান কৰা হয় । ফুটবল, ক্ৰিকেট, ভলীবল, বেডমিণ্টন আদি বিভাগৰ খেলুৱৈসকলৰ লগতে অন্যান্য ক্ৰীড়া সংগঠন সমূহেও প্ৰাক্তন ক্ৰীড়া সংগঠক গৰাকীক সম্বৰ্ধনা জনায় । অনুষ্ঠানৰ আৰম্ভণিতে দীনেশ গগৈৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “ক্ৰীড়াসন্থাৰ ইতিহাস” গ্ৰন্থখন উন্মোচন কৰে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে । ইয়াৰ আগতে অনুষ্ঠানত উপস্থিত থকা সকলোকে আদৰণি জনায় ক্ৰীড়াসন্থাৰ সভাপতি ডা৹ অজিত বৰুৱাই । আনহাতে ক্ৰীড়াসন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে ৮১ বছৰীয়া বিশিষ্ট ক্ৰীড়া সংগঠক গৰাকীৰ জীৱনৰ বিভিন্ন দিশত আলোকপাত কৰে । অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া, খেলুৱৈ, অভিভাৱকৰ লগতে যথেষ্ট সংখ্যক ক্ৰীড়ামোডী ৰাইজ উপস্থিত আছিল । অনুষ্ঠানটোৰ আঁত ধৰে ক্ৰীড়াসন্থাৰ উপ সভাপতি পৰীক্ষিত দত্তই । অন্যহাতে পুৱা গোলাঘাট ষ্টেডিয়ামৰ পৰা এটা আকৰ্ষণীয় শোভাযাত্ৰা উলিওৱা হয় । সহস্ৰাধিক খেলুৱৈৰ লগতে জিলা ক্ৰীড়াসন্থাৰ বিষয়ববীয়া, বিভিন্ন উপ ক্ৰীড়াসন্থাৰ খেলুৱৈ আৰু বিষয়ববীয়াই অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ ফ্লেগ অফ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments