Tuesday, October 4, 2022
HomeNewsগোলাঘাট জিলা ক্ৰীড়া সন্থাৰ শতবৰ্ষ উদ্‌যাপনৰ প্ৰস্তুতি

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ শতবৰ্ষ উদ্‌যাপনৰ প্ৰস্তুতি

অলিম্পিয়া প্ৰতিবেদন

গোলাঘাট জিলা ক্ৰীড়া সন্থাই গৌৰৱময় শতবৰ্ষত ভৰি দিয়া উপলক্ষে জিলা আড়ম্বৰপূৰ্ণ আৰম্ভণি অনুষ্ঠান আয়োজন কৰাৰ বাবে ব্যাপক প্ৰস্ততি চলাইছে ৷ অলপতে জিলা ক্ৰীড়াসন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰে জিলা ক্ৰীড়াসন্থাৰ সভাপতি ডা০ অজিত বৰুৱাই ৷ তিনিদিনীয়া কাৰ্যসূচী অনুসৰি ৯ এপ্ৰিলৰ পুৱা সদৌ অসম ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পাছতে শতবৰ্ষ উদযাপনৰ পতাকা আৰু জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰা হ’ব ৷ ইয়াৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ’ব ৷ বিয়লিলৈ গোলাঘাট ষ্টেডিয়ামৰ চাৰিটা গেলেৰী চাৰিজন ক্ৰীড়াসন্থাৰ প্ৰাক্তন সভাপতি ক্ৰমে নগেন্দ্ৰ নাথ বৰুৱা, ফিৰদৌচ আলি, মহেন্দ্ৰ প্ৰসাদ চলিহা আৰু পূৰ্ণানন্দ গগৈৰ নামেৰে নামকৰণ কৰা হ’ব ৷ উক্ত অনুষ্ঠানতে গোলাঘাট জিলা ক্ৰীড়াক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি-সম্পাদকসকলৰ পৰিয়ালক কৃতজ্ঞতা আৰু সম্বৰ্ধনা জনোৱা হ’ব ৷ একেটা অনুষ্ঠানতে জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি দীনেশ গগৈৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া “গোলাঘাট জিলা ক্ৰীড়াসন্থাৰ ইতিহাস” শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হ’ব ৷ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ১০ এপ্ৰিলৰ পুৱা ক্ৰীড়াসন্থাৰ সমূহ বিষয়ববীয়া, খেলুৱৈ, প্ৰাক্তন খেলুৱৈ আৰু অভিভাৱকসকলৰ এক আকৰ্ষণীয় শোভাযাত্ৰাই নগৰখন পৰিভ্ৰমণ কৰিব ৷ বিয়লিলৈ গোলাঘাট জিলা ক্ৰীড়াসন্থাৰ বঁটা প্ৰদান কৰা হ’ব ৷ উল্লেখযোগ্য যে এই বৰ্ষত এই বঁটা লাভ কৰিছে প্ৰাক্তন বিশিষ্ট ক্ৰীড়া সংগঠক তিলক চন্দ্ৰ গগৈয়ে ৷ তৃতীয় দিনা ১১ এপ্ৰিলৰ বিয়লি ২ বজাৰ পৰা শ্বিলঙৰ লাজং ফুটবল ক্লাব আৰু দূলিয়াজানৰ অইল ইণ্ডিয়া একাদশৰ মাজত এখনি প্ৰদৰ্শনীমূলক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ এই তিনিওদিনৰ কাৰ্যসূচীতে সমূহ গোলাঘাটবাসীৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে গোলাঘাট জিলা ক্ৰীড়াসন্থাই ৷ সংবাদমেলৰ আৰম্ভণিতে জিলা ক্ৰীড়াসন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে সকলোকে আদৰণি জনায় ৷ সংবাদমেলখনত জিলা ক্ৰীড়াসন্থাৰ উপ-সভাপতি দীনেশ গগৈ, ড॰ নৃপেন বৰুৱা, পৰীক্ষিত দত্ত, পূৰ্ণ ৰাজখোৱা, যতীন বৰা প্ৰমুখ্যে সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments