বিদায় ফ্ৰেংকো !!

অলিম্পিয়া বিশেষ প্রতিবেদন

ফৰ্টুনাটো ফ্ৰেংকো। ভাৰতীয় ফুটবলৰ এটা চিনাকি নাম। দলটোৰ এসময়ৰ নিৰ্ভৰযোগ্য খেলুৱৈ। ফুটবলত সেয়া ভাৰতৰ সোণালী দিন আছিল। ১৯৬২ চনৰ জাকাৰ্টা এছিয়ান গেমছত ভাৰতে স্বৰ্ণ জয় কৰি শ্ৰেষ্ঠত্বৰ যুঁজখনত বিজয়ী হৈছিল। এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ হোৱাৰ গৌৰৱ অর্জন কৰিছিল ভাৰতে। ফ্ৰেংকোৰ মানসপটত কথাবোৰ তেতিয়াও পৰিস্কাৰ হৈ আছিল। কোনো আগ্ৰহী সাংবাদিকক সেই জয়ৰ প্ৰতিটো কথাই স্পষ্টকৈ ক’ব পাৰিছিল ফেংকোই। অবিস্মৰণীয় সেই জয়ৰ পিছত ডিঙিত স্বৰ্ণ পদকটো আঁৰি ষ্টেডিয়ামৰ পৰা গেমছ ভিলেজলৈ বীৰদৰ্পে আগবঢ়াৰ কথাৰ পৰা আৰম্ভ কৰি প্ৰতিপক্ষৰ দলৰ হাজাৰ হাজাৰ সমৰ্থকৰ কথালৈ জাকাৰ্টা এছিয়াদৰ সকলো কাহিনীৰ সৰস বৰ্ণনা দিবলৈ জানিছিল ফ্ৰেংকোই।

ফাইনেলত ভাৰতৰ সমুখত আছিল শক্তিশালী দক্ষিণ কোৰিয়া। ষ্টেডিয়ামত থকা প্ৰায় এক লাখৰো অধিক দৰ্শকৰ হৰ্ষধ্বনিত উত্তাল হৈ উঠিছিল খেলপথাৰ। প্ৰায় সকলো দর্শকেই আছিল প্ৰতিপক্ষৰ সমৰ্থক। তাৰ পিছতো ভাৰতীয় দলে ২-১ৰ ব্যৱধানত দক্ষিণ কোৰিয়াক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। ফাইনেলৰ নিৰ্ণায়ক জাৰনেইল সিং ধীলনৰ গ’লটো সৃষ্টি কৰিছিল ফ্ৰেংকোই। সময়ত বীৰদৰ্পে দক্ষিণ কোৰিয়াক পৰাস্ত কৰি ভাৰতত সোণালী ফুটবল ইতিহাসৰ সাক্ষী হৈ ৰৈছিল গোৱাৰ এইগৰাকী ফুটবলাৰ। ১৯৬০ ৰ ৰোম অলিম্পিকতো অংশ লোৱা ফ্ৰেংকোৰ বাবে ভাৰতীয় ফুটবল দললৈ এই যাত্ৰা সহজ নাছিল। ১৯৬০ ৰ ৰোম অলিম্পিকত দলত স্থান লাভ কৰিছিল যদিও মূল একাদশত খেলাৰ সুযোগ লাভ কৰা নাছিল ফ্ৰেংকোই। ভাৰতীয় মিডফিল্ড আছিল তেতিয়া ৰাম বাহাদুৰ আৰু কেম্পায়াহৰ দখলত। নিপুণ শৈলীৰ দুয়োগৰাকী মিডফিল্ডাৰৰ স্থান কাঢ়ি লোৱাটো ফ্ৰেংকোৰ বাবে সহজ নাছিল। ইপিনে, প্ৰশিক্ষক এছ এ ৰহিমৰ বিশেষ পছন্দৰ আছিল দুয়ো। দুয়োজনকে কেতিয়াও বেঞ্চত দেখা পোৱা পোৱা নগৈছিল। ইয়াৰ মূলতে আছিল ৰহিমৰ দুয়োগৰাকীৰ ওপৰত থকা গভীৰ বিশ্বাস। কিন্তু, ফ্ৰেংকোকো দীৰ্ঘদিন ধৰি উপেক্ষা কৰি ৰখাটো সম্ভৱ হৈ থকা নাছিল। অৱশেষত ১৯৬২ ৰ এছিয়াদত স্থান লাভ কৰাই নহয়, মূল একাদশৰো এজন সদস্য হিচাবে দলৰ স্বৰ্ণ জয়ত বিশেষ ভূমিকা ল’লে ফৰ্টুনাটো ফ্ৰেংকোই।

১৯৬০ ৰ পৰা ১৯৬৪ চনলৈ এই সময়ছোৱাত ভাৰতীয় মিডফিল্ড ফ্ৰেংকোৰ হাততেই সুৰক্ষিত আছিল। ১৯৬২ ৰ এছিয়ান গেমছত স্বৰ্ণ আৰু ১৯৬৪ ৰ এছিয়ান কাপত ৰূপ দখল কৰা ভাৰতীয় দলৰ এজন অন্যতম গুৰুত্বপূৰ্ণ সদস্য হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ফ্ৰেংকোই। ১৯৬৩-৬৪ ৰ সন্তোষ ট্ৰফীতো মহাৰাষ্ট্ৰক জয়ৰ সোৱাদ দিছিল ফ্ৰেংকোই। ১৯৬৬ৰ এছিয়াদত ভাৰতীয় দলক নেতৃত্ব দিয়াৰ এক সুবৰ্ণ সুযোগে আহি ধৰা দিছিলহি। কিন্তু আঁঠুৰ আঘাতৰ বাবে সেই সুযোগ গ্ৰহণ কৰিব পৰা নাছিল এইগৰাকী ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰে। উপায়হীন হৈ আঘাতৰ বাবে উক্ত বৰ্ষতে ফুটবল ত্যাগ কৰিবলগীয়া হ’ল ফ্ৰেংকোই। পিছলৈ প্ৰশিক্ষকৰ দায়িত্বও গ্ৰহণ কৰিছিল যদিও প্ৰশিক্ষক হিচাবে বৰ সফল হ’ব পৰা নাছিল ফ্ৰেংকোই।


ভাৰতীয় ফুটবলৰ সোণালী যুগক প্ৰতিনিধিত্ব কৰা এইগৰাকী ফুটবলাৰে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনোকালে কোনো সন্মান অথবা স্বীকৃতি লাভ নকৰিলে। তাকে লৈ প্ৰচণ্ড ক্ষোভ ফ্ৰেংকোৰ। তিনিবাৰকৈ তেওঁ ধ্যানচান্দ জীৱনজোৰা সাধনা বঁটাৰ বাবে আৱেদন জনাইছিল যদিও চৰকাৰৰ কোনো সঁহাৰি লাভ কৰা নাছিল। “চৰকাৰৰ এনে সিদ্ধান্তই মোৰ অন্তৰত আঘাত দিছিল। ফুটবলকেই মই মোৰ সমগ্ৰ জীৱনটো দি দিলোঁ। মোক যিসকলে জানে তেওঁলোকেটো অন্ততঃ স্বীকাৰ কৰিব মই খেলপথাৰত কেনে আছিলোঁ। যদি যোগ্যতায়েই এই সন্মান লাভৰ একমাত্ৰ পৰিমাপক হয়, তেন্তে মোৰ কি অর্জন কৰিবলৈ ৰৈ গ’ল?” চৰকাৰৰ স্বীকৃতিৰ পৰা বঞ্চিত হৈ এনেদৰেই ক্ষোভ উজাৰিছিল ফ্ৰেংকোই। আজি ক্ষোভ উজাৰিবলৈ সেই ফ্ৰেংকো আমাৰ মাজত নাই। সোমবাৰে গোৱাৰ এখন চিকিৎসালয়ত কোভিড-১৯ ত প্ৰাণ হেৰুৱালে ৮৪ বছৰীয়া এইগৰাকী এসময়ৰ দুৰন্ত মিডফিল্ডাৰে। স্বীকৃতিবিহীনভাৱেই বুকুত একুৰা ক্ষোভৰ অগণি লৈ এনেদৰেই নীৰৱে আঁতৰি গ’ল ফৰ্টুনাটো ফ্ৰেংকো। বিদায় ফ্ৰেংকো! য’তেই থকা কুশলে থাকা!! কোনো চৰকাৰী স্বীকৃৃৃতিয়ে নহয়, তোমাৰ ফুটবল নিপুনতাই তোমাক জীয়াই ৰাখিব আমাৰ মনত

Leave a Reply

Your email address will not be published. Required fields are marked *