Wednesday, August 10, 2022
HomeNews‘'Good luck Lovlina Good luck team India ’’

‘’Good luck Lovlina Good luck team India ’’

অলিম্পিয়া প্রতিবেদন

এক ব্যতিক্ৰমী আৰু প্ৰশংসনীয় উদ্যোগ লৈ আজি অসম অলিম্পিক সংস্থাই অসমৰ লগতে প্ৰতিবেশী ৰাজ্যৰ খেলুৱৈ সংগঠক আৰু ক্ৰীড়াপ্ৰেমী ৰাইজৰ সমাবেশযোগে টকিঅ’ অলিম্পিকগামী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইলৈ হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা জনালে৷ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ বাকৰিত আজি আয়োজিত এক মুকলি সভাত নবীন- প্ৰবীন সকলো যেন একাকাৰ হৈ পৰে৷

সভাত উপস্থিত থাকে আন্তৰ্জাতিক পদকপ্ৰাপ্ত বক্সাৰ কল্পনা চৌধুৰী, আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ মিঠু বৰুৱা, তেওঁৰস্বামী তথা ৰাজ্যৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাস, এলভিছ আলী হাজৰিকা আন্তৰ্জাতিক পদকধাৰী লনবল খেলুৱৈ তানিয়া চৌধুৰী পাঁচবাৰ এভাৰেষ্ট শৃংগ বিজয়ীনি অংশু জেনছেনপা, আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পেৰা ছুইমাৰ অন্যতম ৰাজকুমাৰ আৰু তেওঁৰ হিমালয়ান হলিডেজৰ শ্বেৰিং ৱাংগে প্ৰমূখ্যেসকলে, আচলতে মূল উদ্দেশ্য আছিল লাভলীনালৈ শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰা৷ এই এই উদ্দেশ্য এক স্বাক্ষৰ অভিযানো চলোৱা হয়৷ খেলুৱৈ সংগঠকৰ লগতে ক্ৰীড়া প্ৰেমীসকলেও এই স্বাক্ষৰ অভিযানত অংশ লয়৷

এ অ’এৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত সকলোৱে বেনাৰত স্বাক্ষৰ কৰি শুভেচ্ছা জনায় লাভলীনাৰ লগতে টিম ইণ্ডিয়ালৈ৷ অসমৰ সুযোগ্য সন্তান বক্সাৰ লাভলীনা ইতিমধ্যে অলিম্পিকত অংশ গ্ৰহণ কৰা বাবে জাতীয় দলৰ সৈতে টকিঅ’ অভিমুখে ৰাওনা হৈছে লাভলীনা৷ ‘‘ Good luck Lovlina Good luck team India ’’- আজি এই শুভেচ্ছাবাণীৰে মুখৰিত হৈ পৰে ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments