অলিম্পিয়া প্ৰতিবেদন
ইস্তানবুলত চলি থকা বচফোৰাছ বক্সিং টুৰ্ণামেণ্টৰ মজিয়াৰ পৰা ভাল খবৰ আহিছে। প্ৰতিযোগিতাখনত উজলি উঠিছে অসমৰ শিৱ থাপাৰ লগতে ভাৰতৰ আন কেইবাজনো বক্সাৰ। দুবাৰৰ অলিম্পিয়ান তথা ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী শিৱই কাজাখাস্তানৰ স্মাগ’লভ বাঘতীয়ভক ৩-২ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
ইফালে মহিলাৰ ৫১ কেজি শাখাত নিখট জাৰিনে ৱৰ্ল্ড চেম্পিয়ন একাটেৰীনা পল্টচেভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। মহিলাৰ ৬০ কেজি আৰু ৫৭ কেজি শাখাত ক্ৰমে পাৰবিন আৰু ছ’নীয়া লাথাৰেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। পুৰুষৰ ৫৭ কেজি শাখাত গৌৰৱ চ’লাংকিয়েও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।