Monday, October 3, 2022
HomeNewsফুটবলৰ মহাৰণ : গোৱালপাৰাত অন্ত পৰিল গৰুছটকা ছুপাৰ লীগ

ফুটবলৰ মহাৰণ : গোৱালপাৰাত অন্ত পৰিল গৰুছটকা ছুপাৰ লীগ

অলিম্পিয়া প্ৰতিবেদন

ফাইনেলৰ ৰণভূমিত দুই শক্তিশালী ফুটবল দল । যুঁজিছে চেম্পিয়নৰ খিতাপ অৰ্জনৰ বাবে । গোৱালপাৰাৰ গৰুছটকাত ফুটবলত বুৰ গল দৰ্শক । ৰাইজৰ কিৰিলিত আনন্দৰ জোৱাৰ উঠিলে গৰুছটকা এম ভি স্কুল খেলপথাৰত ।

Let’s Football ..গোৱালপাৰাৰ আকাশে -বতাহে কেৱল ফুটবল । বিগত বৰ্ষৰ ১২ ডিচেম্বৰৰৰ পৰা আৰম্ভ হোৱা নৱম বাৰ্ষিক গৰুছটকা ছুপাৰ লীগৰ দেওবাৰে পৰিল সামৰণি । প্ৰায় আঢ়ৈ মাহ ধৰি বৃহত্তৰ গোৱালপাৰা তথা গৰুছটকাবাসী ৰাইজে উপভোগ কৰিলে এখন সুন্দৰ টুৰ্ণামেন্ট । ৰাজ্যৰ আগশাৰীৰ ৮ টাকৈ দলে প্ৰদৰ্শন কৰিছিল দুভৰিৰ যাদু । গৰুছটকা আঞ্চলিক জ্ঞান জ্যোতি ক্লাবৰ সৌজন্যত অনুষ্ঠিত এই টুৰ্ণামেন্টখনৰ দেওবাৰে অনুষ্ঠিত হয় চূড়ান্ত মেচখন । অন্তিমখন যুঁজ প্ৰত্যক্ষ কৰিবলৈ গৰুছটকাত ঘটিল অজস্ৰ ফুটবলপ্ৰেমীৰ সমাবেশ ।ফাইনেলৰ মৈদানত বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত । গৰুছটকা এম ভি স্কুল খেলপথাৰত ফাইনেলৰ মহাৰণত অৱৰ্তীণ হ’ল- ধুপধৰা ফুটবল দল বনাম ৰংজুলি ফুটবল দল । তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন নিৰ্ধাৰিত সময়ত অমীমাংসিত হৈ ৰয় ।ফলত ৰেফাৰীৱে টাই ব্ৰেকাৰৰ সহায় লয় । এই পদ্ধতিত ধুপধৰা ফুটবল দলে জয়ৰ মুকুট পিন্ধেলে । বিজয়ী ট্ৰফী লৈ ধুপধৰা ফুটবল দলৰ মুখত বিৰিঙিল বিজয়ৰ হাঁহি ।
খেলখনত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ধুপধৰা ফুটবল দলৰ খেলুৱৈ ধিজুৰাজ বড়ো । সৰ্বোচ্চ গ’লদাতা হিচাপে চিহ্নিত হয় ৰংজুলি ফুটবল দলৰ খেলুৱৈ ব্ৰজেন বড়ো । শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে নিৰ্বাচিত হয় ধুপধৰা ফুটবল দলৰ খেলুৱৈ নিবাৰণ ৰাভা ।

উল্লেখযোগ্য যে, খেলৰ অন্তত আয়োজিত বঁটা বিতৰণি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিল দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী , গোৱালপাৰা ক্ৰীড়া সন্থাৰ সভাপতি তাজমহল হুছেইন, ধুপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ লগতে গণ্যমান্য ব্যক্তিসকল ।

গোৱালপাৰাৰ লগতে গৰুছটকাৰ গাৱে-ভূঞে সোমাই থকা খেলুৱৈসকলক ফুটবলৰ এখন প্ৰাৰম্ভিক মঞ্চ দিবলৈ প্ৰয়াস কৰিছে গৰুছটকা আঞ্চলিক জ্ঞানজ্যোতি ক্লাবে ।তেওঁলোকৰ নাই এখন ফুটবলৰ উপযুক্ত খেলপথাৰ,এটা পেভেলিয়ন বা ক্লাবৰ স্থায়ী গৃহ । এনে অসুবিধাৰ মাজতো ফুটবলক আগুৱাই নিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে উদ্যমী যুৱকসকলে । নৱপ্ৰজন্মৰ খেলুৱৈক আগুৱাই নিয়াৰ স্বাৰ্থত চৰকাৰৰ কৃপা দৃষ্টি কামনা কৰিলে গৰুছটকা আঞ্চলিক জ্ঞানজ্যোতি ক্লাবৰ সম্পাদক ফাৰুক ৰহমানে ।

ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিব–গৰুছটকাৰ এই ফুটবলৰ যাত্রা সূদুপ্ৰসাৰী হওক । এনে টুৰ্ণামেন্টৰ পৰাই বিশ্বমুখী হওক তৰুণ ফুটবলাৰৰ যাত্রা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments