Thursday, July 7, 2022
HomeNewsগ্ৰেছনোটৰ সমীক্ষা শুদ্ধ হ'লে অলিম্পিকত পদক নিশ্চিত অসমৰ লাভলীনাৰ!!

গ্ৰেছনোটৰ সমীক্ষা শুদ্ধ হ’লে অলিম্পিকত পদক নিশ্চিত অসমৰ লাভলীনাৰ!!

অলিম্পিয়া প্রতিবেদন

সকলো ঠিকে থাকিলে টকীঅ’ৰ পৰা সুখবৰ আহিব পাৰে অসমলৈ। অলিম্পিকলৈ ১০০ দিন বাকী থকা অৱস্থাত চলোৱা এক সমীক্ষাই সুখৰ বতৰা কঢ়িয়াই আনিছে প্ৰতিজন অসমীয়ালৈ। সমীক্ষাটো শুদ্ধ প্ৰমাণিত হ’লে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে অলিম্পিকত পদক লাভ কৰাটো প্ৰায় নিশ্চিত।

অলিম্পিক বিশ্লেষক সংগঠন গ্ৰেছনোটে চলোৱা এটা সমীক্ষাত উল্লেখ কৰা হৈছে যে ২০২১ৰ টকীঅ’ অলিম্পিকত ভাৰতে ৪ টা স্বৰ্ণসহ অতি কমেও ১৭ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হব। ইয়াৰে ভিতৰত বক্সিঙত ভাৰতীয় বক্সাৰে ৪ টাকৈ পদক কঢ়িয়াই আনিব বুলি সমীক্ষাত প্ৰকাশ কৰিছে সংগঠনটোৱে। সেই অনুসৰি বক্সিঙত লাভলীনা বৰগোঁহাইৰ লগতে মেৰীকম আৰু মনীষ কৌশিকক ব্ৰঞ্জৰ পদকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ বিপৰীতে ভাৰতৰ আন এগৰাকী তাৰকা বক্সাৰ অমৃত পংগালে ৰূপৰ পদক লাভ কৰাৰ আশা কৰা হৈছে।

ইপিনে, মল্লযুঁজাৰু ভিনেশ ফোগট আৰু বজৰং পুনিয়াৰ লগতে শ্বুটিঙত ভাৰতৰ ১০ মিঃ এয়াৰ ৰাইফলছৰ মিক্সড দলটোৰ লগতে ইলাভেলীন ভালাৰিৱানে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হব বুলি কোৱা হৈছে সমীক্ষাটোত।

তাৰোপৰি, ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকেৰ, সৌৰভ চৌধুৰী আৰু ১০ মিঃ এয়াৰ ৰাইফলছ মিক্সড দলে ৰূপৰ পদক লাভ কৰিব বুলি দাবী কৰা হৈছে সমীক্ষাটোত। সমীক্ষাটোৰ মতে ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্ব ক্ৰীড়াৰ মেগা ইভেণ্টখনত ভাৰতে ৪ টা স্বৰ্ণ, ৫ টা পদক আৰু ৮ ব্ৰঞ্জ পদক লাভ কৰিব। উক্ত সমীক্ষা অনুসৰি ভাৰতে শ্বুটিঙত সৰ্বমুঠ ৮ টা পদক লাভ কৰাৰ বিপৰীতে বক্সিঙত ৪ টাকৈ পদক, মল্লযুঁজত ৩ টাকৈ আৰু আৰ্চাৰী আৰু ভাৰত্তোলনত ক্ৰমে এটাকৈ পদক লাভ কৰিব।

উল্লেখযোগ্য যে বৰ্তমানলৈ ভাৰতৰ পৰা ৯০ গৰাকী এথলিটে অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষ নাৰিন্দৰ বাট্ৰাই বুধবাৰে কয় যে, জুনত অন্ত পৰিবলগীয়া অলিম্পিক যোগ্যতা অর্জনৰ সময়সীমালৈ ভাৰতে অতি কমেও ১২০-১৩০ গৰাকী এথলিট অলিম্পিকলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব। গ্ৰেছনোটে প্ৰকাশ কৰা সমীক্ষাটোত ২০২১ বৰ্ষৰ অলিম্পিক পদক তালিকাৰ শীৰ্ষ তিনিটা স্থানত ক্ৰমে ইউনাইটেড ষ্টেটছ অৱ আমেৰিকা, চীন আৰু ৰাছিয়াক স্থান দিয়া হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments