Tuesday, October 4, 2022
HomeNewsকাৰ্বি আংলং, হোজাই আৰু নগাওঁ জিলা ক্ৰীড়া সন্থা ভ্ৰমণ এ অ এৰ...

কাৰ্বি আংলং, হোজাই আৰু নগাওঁ জিলা ক্ৰীড়া সন্থা ভ্ৰমণ এ অ এৰ প্ৰতিনিধি দলৰ

গুৱাহাটী,১৪ মাৰ্চঃ অসম অলিম্পিক সন্থাৰ (এ অ এ) সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বাংগীন বিকাশৰ কাৰণে বিভিন্ন জিলা ক্ৰীড়া সন্থা ভ্ৰমণ কৰি থকা প্ৰতিনিধি দলটোৱে শণিবাৰে কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থা, হোজাই জিলা ক্ৰীড়া সন্থা আৰু নগাওঁ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হয়।

প্ৰতিখন সভাত উপস্থিত থকা জিলা ক্ৰীড়া সন্থাসমুহৰৰ অৰ্ন্তগত বিভিন্ন খেলৰ সন্থা আৰু ক্লাবসমুহৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ প্ৰকল্প “গ্ৰাছৰুট অলিম্পিক- মিছন টেলেন্ট হান্ট” সফলতাৰে আয়োজন কৰাৰ বাবে উদ্যোগ লব বুলি জানিবলৈ দিয়ে। কাৰ্বি আংলং, হোজাই আৰু নগাওঁ জিলাৰ সভাত সভাপতিত্ব কৰে ক্ৰনে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাস ৰংহাং, হোজাই জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কমল দত্ত আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে।প্ৰতিনিধি দলটোট লক্ষ্য কোৱঁৰৰ সৈতে আছিল অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্নুৰাম নুনিছা।আনহাতে, লক্ষ্য কোৱঁৰে জিলা ক্ৰীড়া সন্থাসমুহৰৰ আন্তঃগাথনি উন্নত কৰা, বিভিন্ন খেলৰ সন্থাসমুহৰ উন্নতি সাথন কৰা আদি বিষয়বোৰৰ ওপৰত আলোকপাত কৰাৰ লগতে একেবিধ খেলৰ বিভাজিত ক্ৰীড়া সন্থাক একত্ৰিত কৰি জিলা ক্ৰীড়া সন্থাৰ অধীনত কাম কৰি যোৱাৰ বাবে আহ্বান জনায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments