Sunday, October 2, 2022
HomeNewsবিভাজিত ক্ৰীড়া সন্থাক একত্ৰিত কৰাৰ প্ৰচেষ্টা:বৰাক উপত্যকাত অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দল

বিভাজিত ক্ৰীড়া সন্থাক একত্ৰিত কৰাৰ প্ৰচেষ্টা:বৰাক উপত্যকাত অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দল

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ স্বাৰ্থত বৰ্তমান বৰাক উপত্যকা ভ্ৰমণত থকা অসম অলিম্পিক সন্থাৰ (এ অ এ) প্ৰতিনিধি দলটোৱে বুধবাৰে শিলচৰ জিলা ক্ৰীড়া সন্থা আৰু বৃহস্পতিবাৰে হাইলাকান্দি জিলা ক্ৰীড়া সন্থা তথা কৰিমগঞ্জ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে জিলা সন্থাকেইটাৰ অৰ্ন্তগত বিভিন্ন খেলৰ সন্থা আৰু ক্লাবসমুহৰ সৈতে আলোচনাত মিলিত হয়।

অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে একেবিধ খেলৰ বিভাজিত ক্ৰীড়া সন্থাক একত্ৰিত কৰি জিলা ক্ৰীড়া সন্থাৰ অধীনত কাম কৰি যোৱাৰ বাবে আহ্বান জনাই।প্ৰতিনিধি দলটোট লক্ষ্য কোৱঁৰৰ সৈতে আছে অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্নুৰাম নুনিছা।উল্লেখ্য, সভাত উপস্থিত থকা জিলা ক্ৰীড়া সন্থা আৰু ইয়াৰ অৰ্ন্তগত বিভিন্ন খেলৰ সন্থা আৰু ক্লাবসমুহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ প্ৰকল্প “গ্ৰাছৰুট অলিম্পিক- মিছন টেলেন্ট হান্ট” সফলতাৰে আয়োজন কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments