অলিম্পিয়া প্ৰতিবেদন
নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলে হ’ব আই চি চিৰ নতুন চেয়াৰমেন। ২০১২ চনৰ পৰা বাৰ্কলে নিউজিলেণ্ডৰ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও ২০১৫ চনত নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াই যৌথভাৱে অনুষ্ঠিত কৰা এদিনীয়া ক্ৰিকেট বিশ্বকাপ আয়োজন সমিতিৰ অধ্যক্ষ আছিল।
দুটা ৰাউণ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পিছত গ্ৰেগ বাৰ্কলেকেই বিশ্ব ৰিকেটৰ চেয়াৰমেন হিচাপে দায়িত্ব লাভ কৰাৰ নিশ্চিত হৈ পৰে। আই চি চিৰ নিয়ম অনুসৰি দ্বিতীয় ৰাউণ্ডত বাৰ্কলেকেই প্ৰয়োজনীয় ১১টা ভোট লাভ কৰে। প্ৰথম ৰাউণ্ডত ইলেকট্ৰনিক বেলটৰ জৰিয়তে ভোট প্ৰদান অনুষ্ঠিত হোৱাৰ পিছত মুঠ ১৬ টা ভোটাৰ ১০ টা গ্ৰেগ বাৰ্কল লাভ কৰাৰ বিপৰীতে ৬টা ভোট লাভ কৰে ইমৰান খাজাই। প্ৰথম পৰ্যায়ৰ এই ভোটিংত ফলাফল স্পষ্ট নোহোৱাট দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়।
আই চি চিৰ চেয়াৰমেন হিচাপে নিৰ্বাচিত হৈ বাৰ্কলেকেই কয়, মই আই চি চিৰ চেয়াৰমেন হৈ সুখী অনুভৱ কৰিছোঁ। মই মোৰ বন্ধুসকলৰ লগত একলগ হৈ ক্ৰিকেটৰ বিকাশৰ বাবে কাম কৰিম। মোৰ আশা সকলো সদস্যই মিলি মহামাৰীৰ লগত যুজঁ কৰি ক্ৰিকেটক আগবঢ়াই নিবলৈ কাম কৰিম।