গুৱাহাটী বাস্কেটবল ক্লাবৰ সাধাৰণ সভাখন ১৭ মাৰ্চ তাৰিখে নেহেৰু ষ্টেডিয়ামস্থিত অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। সভাত গুৱাহাটী বাস্কেটবল ক্লাবৰ ২২ জনীয়া নতুন কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। ৰিণিকি ভূঞা শৰ্মাক মুখ্য পৃষ্ঠপোষক হিচাপে লৈ গঠন কৰা ক্লাবটোৰ নতুন সমিতিখনত ৰাজ্যিক মন্ত্ৰী পিযূষ হাজৰিকাক পৃষ্ঠপোষক আৰু সাংসদ পল্লৱলোচন দাসক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে।
২২ জনীয়া নতুন কাৰ্যকৰী সমিতিখনৰ অন্যান্য বিষয়ববীয়া সকল হ’ল কাৰ্যকৰী সভাপতি অনুসূয়া বৰুৱা, উপ-সভাপতি ভৱজ্যোতি ভট্টাচাৰ্য, কস্তুৰী ভট্টাচাৰ্য, ৰবেন দাস আৰু লিকুমণি শৰ্মা, সম্পাদক দিলীপ হাজৰিকা, যুটীয়া সম্পাদক কুমুদ ডেকা, কৃষ্ণা বৰুৱা আৰু অৰূপজ্যোতি চৌধুৰী, কোষাধক্ষ্য ৰাজীৱ শৰ্মা, সহ-সম্পাদক ঋষি দাস আৰু কুলু দেউৰী, কাৰ্যকৰী সদস্য জ্যোতি শ্যাম, প্ৰব্ৰট সিং, কৃষ্ণা ছেত্ৰী আৰু আফোজ মহম্মদ, আৰু উপদেষ্টা হিচাপে ৰানা খান, পৰেশ বৰা আৰু দীপক শৰ্মাক নিৰ্বাচিত কৰা হৈছে।
সভাখনত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় বাস্কেটবল ৰেফাৰী ৰাজীৱ শৰ্মা, ৰিণিকি ভূঞা শৰ্মাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি।