Sunday, October 2, 2022
HomeNewsগুৱাহাটীত বন্ধ হ'ল ক্রীড়া প্ৰশিক্ষণ

গুৱাহাটীত বন্ধ হ’ল ক্রীড়া প্ৰশিক্ষণ

অলিম্পিয়া প্ৰতিবেদন

অসম ক্রীড়া প্ৰাধিকৰণে ১০ জানুৱাৰী অৰ্থাৎ সোমবাৰৰ পৰা সকলোবোৰ ক্রীড়া প্ৰশিক্ষণ বন্ধ ৰাখিছে । কামৰূপ মহানগৰত হঠাতে কভিড মহামাৰীয়ে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লখ্য ৰাখি দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুসৰি এই ব্যবস্থা গ্ৰহণ কৰা হৈছে । কোভিড ১৯ মহামাৰী বৃদ্ধি পোৱাটো ৰোধ কৰাৰ বাবে অসম ক্রীড়া প্রাধিকৰণৰ অধীনৰ সকলোবোৰ প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ ভিতৰত আছে সৰুসজাই ক্রীড়া প্ৰকল্প, ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম , দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়াম আৰু মৌলানা তৈয়বুল্লা হকী ষ্টেডিয়াম । পৰবৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত এইবোৰ স্থানত প্ৰশিক্ষণ গ্ৰহণ আৰু প্ৰশিক্ষণ প্ৰদানৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট সকলো প্ৰশিক্ষক আৰু প্ৰশিক্ষৰ্থীক আহ্বান জনোৱা হৈছে । এই জাননী প্ৰেৰণ কৰিছে অসম ক্রীড়া প্ৰাধিকৰণৰ সচিব তথা ৰাজ্যৰ ক্রীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments