Tuesday, August 9, 2022
HomeNewsআন্তঃজিলা জুনিয়ৰ ফুটবল; গুৱাহাটীৰ অগ্ৰগতি

আন্তঃজিলা জুনিয়ৰ ফুটবল; গুৱাহাটীৰ অগ্ৰগতি

অলিম্পিয়া প্ৰতিবেদন

৫৭ সংখ্যক ১৭ বছৰ অনুৰ্দ্ধ সন্তোষ লহকৰ ট্ৰফী আন্তঃজিলা জুনিয়ৰ ফুটবল পূৰ্ণগতিত চলি আছে নলবাৰী জিলাৰ টিহুত। ইয়াৰ সমীপৰ মাখিবাহা স্কুল খেলপথাৰত আজি অনুষ্ঠিত ‘ই’ গ্রুপৰ এখন মেচত গুৱাহাটীয়ে শালবাৰীক একমাত্ৰ গ’লত পৰাস্ত কৰি ফাইনেলত উপনীত হয়। কিনকিনিয়া বৰষুণৰ মাজতে আৰম্ভ হোৱা মেচখনত খেলপথাৰত খোপনি পুতিবলৈ দুয়ো দলৰ খেলুৱৈসকলে আপ্ৰাণ চেষ্টা চলায়। খেল আৰম্ভ হোৱাৰ ৩ মিনিটৰ পাছতে গুৱাহাটীৰ হৈ ৭ নম্বৰ জাৰ্চি পৰিহিত আলটাফ আলীয়ে মেচখনৰ নিৰ্ণায়ক গ’লটো স্ক’ৰ কৰে। গুৱাহাটী দলৰ অজিত থাপাই আগবঢ়াই দিয়া বল আলতাফে সুযোগ বুজি বিপক্ষৰ গ’লপোষ্টলৈ ঠেলি দিয়ে। উক্ত গ’ল পৰিশোধ কৰিবলৈ শালবাৰী দলৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হয়। এই গ্ৰুপৰ বাক্সা আৰু তামোলপুৰৰ মাজৰ মেচখনৰ বিজয়ী দলে গুৱাহাটীৰ বিৰুদ্ধে ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰিব। এই কথা জনাইছে গুৱাহাটী দলৰ মুখ্য প্ৰশিক্ষক ৰাজ কুমাৰ সিঙে। খেলখন পৰিচালনা কৰে গকুল দাস, জয়ন্ত দত্ত, ধ্ৰুৱজ্যোতি কলিতা আৰু চতুৰ্থ ৰেফাৰী দুলু তালুকদাৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments