Tuesday, October 4, 2022
HomeNewsক'ভিড ১৯:গুৱাহাটী ক্ৰীড়া সন্থাৰ সাহাৰ্য্য সামগ্ৰী বিতৰণ

ক’ভিড ১৯:গুৱাহাটী ক্ৰীড়া সন্থাৰ সাহাৰ্য্য সামগ্ৰী বিতৰণ

olympiasports.in

কৰ’নাৰ বাবে ৰাজ্যৰ লগতে সমগ্ৰ দেশে সন্মুখীন হোৱা অভূতপূৰ্ব পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন ব্যক্তি, সংস্থা আদি আগবাঢ়ি আহিছে। অসমৰ ক্ৰীড়াক্ষেত্ৰৰ এক অগ্ৰণী অনুষ্ঠান গুৱাহাটী ক্ৰীড়া সন্থাও বিপদৰ এই সন্ধিক্ষণত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। সন্থাই ব’হাগৰ দ্বিতীয়টো দিনত কৰ’না বিৰোধী যুঁজখনৰ যোদ্ধা আৰক্ষীসকলক বিহুৰ পিঠা-পনাৰ লগতে চেনিটাইজাৰ , খোৱা পানী আদি সামগ্ৰী বিতৰণ কৰে। মহানগৰীত কৰ্মৰত প্ৰায় ৩৫০ গৰাকী আৰক্ষী বিভাগৰ কৰ্মচাৰীৰ মাজত সন্থাই এই সমগ্ৰীসমূহ বিতৰণ কৰে।

সাহাৰ্য্য বিতৰণৰ আজি দ্বিতীয়টো দিনত সন্থাই আজি গুৱাহাটীৰ দাঁতিকাষৰীয়া তিনি স্থানত প্ৰায় ১৫০ টাকৈ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। খাদ্য সামগ্ৰী বিতৰণৰ এই কাৰ্যত গুৱাহাটী ক্ৰীড়া সন্থাক সহযোগিতা কৰে ক্ৰমে আৰ জি বৰুৱা উন্নয়ন সমিতি, গোপাল নগৰ উন্নয়ন সমিতি আৰু পূব সোণচালি উন্নয়ন সমিতিয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments