Monday, October 3, 2022
HomeNewsনিজা ফুটবল খেলপথাৰ হ’ব গুৱাহাটী ক্ৰীড়া সন্থাৰ ,মহানগৰীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ দিশে

নিজা ফুটবল খেলপথাৰ হ’ব গুৱাহাটী ক্ৰীড়া সন্থাৰ ,মহানগৰীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ দিশে

অলিম্পিয়া প্ৰতিবেদন

মহানগৰীত এখন কেৱল ফুটবলৰ বাবে উৎসৰ্গিত খেলপথাৰৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ পথত ৷ সভাপতি পুলক গোস্বামী আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাৰ নেতৃত্বত গুৱাহাটী ক্ৰীড়া সন্থাৰ দীৰ্ঘদিনীয়া তৎপৰতাৰ পাছত সন্থাই গুৱাহাটী কমাৰ্চ কলেজৰ খেলপথাৰখন সন্থাৰ ফুটবল লীগসমূহ তথা সন্থাৰ অন্তৰ্গত ক্লাবসমূহৰ প্ৰশিক্ষণৰ বাবে লাভ কৰিব বুলি কলেজ কৰ্তৃপক্ষৰ সৈতে এক মৌখিক বুজাবুজিত উপনীত হয় ৷ বৃহস্পতিবাৰে সন্থাৰ সভাপতি গোস্বামী আৰু সাধাৰণ সম্পাদক কলিতাই কমাৰ্চ কলেজৰ অধ্যক্ষ হোমেশ্বৰ কলিতা, উপাধ্যক্ষ প্ৰশান্ত দুৱৰা আৰু সহযোগী অধ্যাপক ডঃ অমৰেন্দ্ৰ তালুকদাৰৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ এই বৈঠকত ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাও উপস্থিত থাকে ৷ তেওঁলোকে বিভাগৰ তৰফৰপৰা যৎপৰোনাস্তি সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ বৈঠকত এই খেলপথাৰখন ফুটবলৰ বাবে ব্যৱহাৰ আৰু বিকাশৰ বাবে গুৱাহাটী ক্ৰীড়া সন্থা, কমাৰ্চ কলেজ আৰু ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা সঞ্চালকালয়ৰ মাজত শীঘ্ৰে এখন ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ সন্থাৰ লীগসমূহৰ লগতে মহানগৰীত ফুটবল খেলপথাৰৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই খেলপথাৰখন সন্থাৰ অন্তৰ্গত ক্লাবসমূহৰ প্ৰশিক্ষণৰ বাবেও ব্যৱহাৰ কৰা হ’ব ৷ “অনাগত ‘চি’ ডিভিজন কোৱালিফাইং ৰাউণ্ডৰ খেলসমূহ ইয়াতেই অনুষ্ঠিত হ’ব আৰু এয়া মহানগৰীৰ ফুটবলৰ বাবে এক নতুন অধ্যায় হ’ব'” এইদৰে কয় সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই ৷ ইয়াৰ পাছতে অহা ছিজনৰ চি আৰু বি ডিভিজন ফুটবল লীগসমূহ এই খেলপথাৰতে অনুষ্ঠিত হ’ব ৷ উল্লেখ্য যে সাধাৰণ সম্পাদক কলিতাৰ নেতৃত্বত সন্থাই ফুটবল ক্লাবসমূহৰ অনুশীলনৰ বাবে আৰু সন্থাৰ ফুটবল প্ৰতিযোগিতাসমূহ সুকলমে চলাবলৈ এখন উৎসৰ্গিত ফুটবল খেলপথাৰ গঢ় দিয়াৰ বাবে প্ৰচেষ্টা চলাই আহিছিল ৷ ইয়াৰ বাবে মহানগৰীৰ ১৬ খন খেলপথাৰ পৰ্যৱেক্ষণ কৰা হৈছিল ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments