অলিম্পিয়া প্রতিবেদন
ভাৰতীয় মহিলা ক্ৰিকেটৰ এটা চিনাকি নানা স্মৃতি মান্ধানা। ক্রীড়াশৈলীৰ লগতে নিজৰ ৰূপ লাবণ্যৰে বহু যুৱকৰ হৃদয় জিনিব সক্ষম হৈছে স্মৃতিয়ে। এক কথাত ক্ৰিকেটৰ গ্লেমাৰ গাৰ্ল তেওঁ। আজি সেই স্মৃতিৰে জন্মদিন। ১৯৯৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এইগৰাকী সফল ক্ৰিকেটাৰৰ জন্ম হৈছিল মহাৰাষ্ট্ৰত। কেৱল ১৬ বছৰ বয়সতে স্মৃতিয়ে দেশৰ হৈ এদিনীয়া আৰু টি টুৱেন্টিত অভিষেক ঘটায়। বৰ্তমানলৈ তেওঁ ৩ খন টেষ্ট, ৫৯ এদিনীয়া আৰু ৮৯ খন টি টুৱেন্টি আন্তৰ্জাতিকত ভাগ লৈছে। এই পৰ্যন্ত তেওঁ টেষ্টত ১৬৭, এদিনীয়াত ২২৫৩ আৰু টি টুৱেন্টিত ১৯০১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁ প্ৰথমবাৰৰ বাবে লাইমলাইটলৈ আহে ২০১৭ ৰ বিশ্বকাপৰ সময়ত। সেইবাৰ তেওঁ প্ৰথম দুটা ইনিংছত ক্ৰমে ৯০ আৰু ১০৬ ৰান সংগ্ৰহ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
তেওঁৰ নামত আছে তিনিটাকৈ অভিলেখ। তেওঁ টি-টুৱেন্টি ক্ৰিকেটত দেশক নেতৃত্ব দিয়া সৰ্বকনিষ্ঠ মহিলা খেলুৱৈ। যি সময়ত তেওঁ এই দায়িত্ব লাভ কৰিছিল সেই সময়ত তেওঁৰ বয়স হৈছিল কেৱল ২২ বছৰ ২২৯ দিন। ইয়াৰোপৰি, যিকোনো মহিলা চেম্পিয়নশ্বিপ সৰ্বাধিক ৰান আৰু শতক অর্জন কৰাৰ অভিলেখো তেওঁৰ নামত আছে। তাৰোপৰি টি টুৱেন্টি ক্ৰিকেটত ১০০০ ৰান সম্পূৰ্ণ কৰা তেওঁ দ্বিতীয়গৰাকী দ্ৰুততম খেলুৱৈ।