অলিম্পিয়া প্রতিবেদন
দেশত নিতৌ ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যাই। শুক্ৰবাৰে দেশখনত ৩,৩২,৭৩০ গৰাকীকৈ লোক নতুনকৈ আক্ৰান্ত হয় ক’ভিড-১৯ত। বৰ্তমান বিশ্বৰ ভিতৰতে প্ৰতিদিনে সৰ্বাধিক ক’ভিড ৰোগী ধৰা পৰিছে ভাৰতত। তেনে এক সময়ত পুনৰ এবাৰ নিজৰ মহানুভৱতাৰ পৰিচয় দিলে ভাৰতীয় দলৰ প্ৰাক্তন স্পিনাৰ হৰভজন সিঙে।
ক্ৰিকেটাৰগৰাকীয়ে পুণেত এটা ভ্ৰাম্যমাণ কোভিড পৰীক্ষণ কেন্দ্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। পুণেস্থিত চিকিৎসা প্ৰতিষ্ঠান মাইলেব ডিছক’ভাৰী ছলিউচনে পৰিচালনা কৰিবলগীয়া পৰীক্ষণ কেন্দ্ৰটো শনিবাৰৰ পৰা কাৰ্যক্ষম হৈ উঠিব।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ বিজেপি প্ৰমুখ চন্দ্ৰকান্ত পাটিলে কয় যে, ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙে কেইদিনমান আগতে আমাক যোগাযোগ কৰে। তেওঁ এটা কোভিড পৰীক্ষণ কেন্দ্ৰ স্থাপনৰ ইচ্ছা প্ৰকাশ কৰিছিল। সেই মৰ্মে কাইলৈ এই কোভিড পৰীক্ষণ কেন্দ্ৰটো ভাড়গাঁওচেৰীত মুকলি কৰা হ’ব।”
ভ্ৰাম্যমাণ কোভিড পৰীক্ষণ কেন্দ্রটোত দৈনিক ১৫,০০ টেষ্ট কৰা হ’ব আৰু আৰ টি-পি চি আৰ পদ্ধতিৰে চাৰি ঘণ্টাৰ মূৰত টেষ্টৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব। উল্লেখযোগ্য যে ভ্ৰাম্যমাণ পৰীক্ষণ কেন্দ্ৰটোয়ে চহৰৰ সকলো অঞ্চল পৰিভ্ৰমণ কৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলক বিনামূলীয়াকৈ কোভিড টেষ্টৰ সেৱা আগবঢ়াব। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ পুণেত ক’ভিড সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।