Sunday, October 2, 2022
HomeNewsপাণ্ডিয়াই ক'লে এতিয়া মই গ্ৰীণ টী হে পান কৰোঁ

পাণ্ডিয়াই ক’লে এতিয়া মই গ্ৰীণ টী হে পান কৰোঁ

olympiasports.in

২০১৯ চনত জনপ্ৰিয় নিৰ্দশক কৰণ জোহাৰৰ এক শ্ব’ ‘কফি উইথ কৰণ’ ত অংশগ্ৰহণ কৰি বিতৰ্কৰ মাজলৈ সুমাই গৈছিল ভাৰতীয় ক্ৰিকেট দলৰ দুই তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু লোকেশ ৰাহুল। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে ক্ৰিকেটাৰ দুজনক শাস্তি পৰ্যন্ত দিবলৈ বি চি চি আই আগবাঢ়ি আহিছিল। ‘কফি উইথ কৰণ’ৰ সেই অভিজ্ঞতাৰ পিছত এতিয়া পাণ্ডিয়াই কফি খাবলৈ বাদ দিছে। কফিৰ বদলি গ্ৰীণ টী পান কৰিবলৈ অভ্যাস কৰিছে। এই কথা পাণ্ডিয়াই নিজেই প্ৰকাশ কৰিছে।

দৰাচলতে লকডাউনৰ মাজতেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য দীনেশ কাৰ্তিকৰ সৈতে হোৱা এক ইনষ্টাগ্ৰাম লাইভত হাৰ্দিক পাণ্ডিয়াক প্ৰসংগক্ৰমে ‘কফি উইথ কৰণ’ৰ সেই বিশেষ অনুষ্ঠানটোৰ বিষয়ে সুধা হৈছিল। পাণ্ডিয়াই নিজৰ স্বভাৱসুলভ ভংগীমাৰে ইয়াৰ উত্তৰ দি কয় ‘এতিয়া মই কফি পান নকৰোঁ। ইয়াৰ ঠাইত গ্ৰীণ টি পান কৰোঁ। কফি মই এবাৰেই পান কৰিছিলোঁ। আৰু সেয়া বহুত বেছি দামী ৰূপে বিবেচিত হৈছে। সেইদিন ধৰি মই কফিক বাদ দিলোঁ।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments