Tuesday, October 4, 2022
HomeNewsআঘাতৰ পৰা মুক্তি পোৱা পাণ্ডিয়া এইবাৰ শাস্তিৰ সন্মুখীন হ'ব

আঘাতৰ পৰা মুক্তি পোৱা পাণ্ডিয়া এইবাৰ শাস্তিৰ সন্মুখীন হ’ব

আঘাতৰ পৰা মুক্তিপোৱাৰ পাছত টীম ইণ্ডিয়াত যোগদানৰ অপেক্ষাত থকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া শাস্তিৰ সন্মুখীন হোৱাৰো সম্ভাৱনা দেখা গৈছে। খেলপথাৰত নমাৰ লগে লগেই বিতৰ্কত সোমাই পৰিছে অলৰাউণ্ডাৰ পাণ্ডিয়া ।

ছেপ্টেম্বৰৰ পৰা আঘাতৰ বাবে হাৰ্দিক খেলৰ পৰা বাহিৰত আছিল। যোৱা অক্টোবৰত ব্ৰিটেইনত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। আঘাতৰ পৰা মুক্তিপোৱাৰ পাছত পাণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে দলত সুযোগ পাইছিল যদিও ফিটনেছ টেষ্টত উত্তীৰ্ণ নোহোৱাত অৱশেষত বাদ পৰে।

আঘাতৰ পৰা মুক্তিপোৱা পাণ্ডিয়াই ঘৰুৱা ক্ৰিকেটত অংশ গ্ৰহণ কৰিছিল। মু্ম্বাইত ডিওৱাই পাটিল টী-২০ কাপত ৰিলায়েন্স ওৱানৰ জাৰ্ছি পৰিধান কৰি খেল পথাৰত নামিছিল পাণ্ডিয়া। খেলখনত পাণ্ডিয়াই ২৫টা বলত চাৰিটা ছয়ৰ সহায়ত ৩৮ ৰাণৰ ইনিংছ খেলাৰ লগতে দুৰ্দান্ত বলিঙেৰে তিনিটাকৈ উইকেটো দখল কৰে। কিন্তু বিতৰ্কত সোমাই পৰিল পাণ্ডিয়া।

বিতৰ্কৰ কাৰণ পাণ্ডিয়াই পৰিধান কৰা হেলমেট। খেল চলি থকাৰ সময়ত দেখা গ’ল যে পাণ্ডিয়াই যিটো হেলমেট পৰিধান কৰি আছিল সেই হেলমেটত বি চি চি আইৰ ল’গ’ লগোৱা আছে। বিচিচিআইৰ নিয়ম অনুযায়ী ঘৰুৱা মেচত বিতিচিআইৰ লগ’ ব্যৱহাৰ কৰিব নোৱাৰে। বিচিচিআইৰ নিৰ্দেশনা অনুসৰি এনে কৰিলে সেয়া নিয়ম ভংগৰ অপৰাধ হয়।

গতিকে বি চি চি আইৰ নিয়ম ভঙাৰ শাস্তিৰ সন্মুখীন হোৱাৰো সম্ভাৱনা দেখা গৈছে পাণ্ডিয়াৰ বিৰুদ্ধে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments