Thursday, July 7, 2022
HomeNewsহৰপ্ৰীত ব্ৰাৰ: আই পি এলৰ নৱতম তাৰকা!

হৰপ্ৰীত ব্ৰাৰ: আই পি এলৰ নৱতম তাৰকা!

অলিম্পিয়া প্রতিবেদন

শৈশৱত বেটছমেন হোৱাৰ সপোন দেখিছিল। স্পিনৰ প্ৰতি আগ্ৰহ পিছতহে জন্মিছে। পঞ্জাৱৰ অনুর্ধ১৯ জিলা পৰ্যায়ৰ এখন মেচত এবাৰ অনিল কুম্বলেৰ দৰেই ১০ টা উইকেটৰ চিকাৰ কৰি সকলোৰে চিনাকি হৈ পৰে তেওঁ। দুবছৰৰ পিছত অনুর্ধ ২২ বৰ্ষৰ দলৰ হৈ পুনৰ এটা ৯ টা উইকেট দখল কৰে। হৰপ্ৰীত ব্ৰাৰৰ বাওঁ হাতৰ নিপুণ কলা এনেদৰেই লোকচক্ষুত জিলিকি উঠিছিল। তাৰ পিছতো অৱশ্যে আই পি এলত ধৈৰ্য্যৰ পৰীক্ষা দিবলগীয়া হৈছে হৰপ্ৰীতে।

শুক্ৰবাৰে আই পি এলৰ এখন মেচত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিপক্ষে বেটে বলে উজলি উঠে পঞ্জাৱৰ এইগৰাকী উডীয়মান ক্ৰিকেটাৰ। পঞ্জাৱৰ ৩৪ ৰানৰ জয়ত নায়কোচিত প্ৰদৰ্শন ব্ৰাৰৰ। চলিত চিজনৰ নিজৰ প্ৰথমখন মেচত ২৫ ৰান সংগ্ৰহ কৰাৰ লগতে ১৯ ৰানত দখল কৰিছে তিনিটাকৈ উইকেট। অথচ আই পি এলত ভাগ্যৰ দুৱাৰ সহজে খোলা নাছিল হৰপ্ৰীতৰ। ঘৰুৱা ক্ৰিকেটত জুনিয়ৰ পৰ্যায়ত ভাল খেলিলেও পঞ্জাৱ দলত নিয়মীয়াকৈ স্থান লাভ কৰা নাছিল তেওঁ।

সাত বছৰত চাৰি বাৰ ট্ৰায়েল দিয়াৰ পিছত ২০১৯ত ২০ লাখ টকাত পঞ্জাৱে ক্ৰয় কৰে হৰপ্ৰীতক। তাৰ আগতে মুম্বাই ইণ্ডিয়ানছ দলতো ট্ৰায়েল দিছিল যুৱ ক্ৰিকেটাৰ গৰাকীয়ে। অপেক্ষাৰে এই সময়ত হৰপ্ৰীতৰ সমুখত দুটাই ৰাস্তা খোলা আছিল- হয় দেউতাকৰ দৰে পুলিচ হব অন্যথা পঢ়া শুনাৰ বাবে কানাডা লৈ যাব।

কিন্তু, পঞ্জাৱৰ ক্ৰিকেটাৰ গুৰকিৰত সিঙে মহালী জিলা দলত খেলাৰ সুযোগ দিছিল হৰপ্ৰীতক। সেয়াই আৰম্ভণি। আৰু তাৰেই পৰিণতিত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিপক্ষে দলটোৰ তিনিগৰাকীকৈ বাঘা ক্ৰিকেটাৰ কোহলি, এবি ডিভিলিয়াৰ্ছ আৰু মেক্সৱেলক আউট কৰি স্বপ্নৰ এক মুহূৰ্তক কাললৈ সাঁচিলে হৰপ্ৰীতে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments