Friday, September 30, 2022
HomeNewsকৰ'নাৰ মাজতো আশা হেৰুওৱা নাই হৰ্ষাই;সপোন দেখিছে এছিয়ান গেমছৰ

কৰ’নাৰ মাজতো আশা হেৰুওৱা নাই হৰ্ষাই;সপোন দেখিছে এছিয়ান গেমছৰ

কৰ’নাই কঢ়িয়াই অনা অনিশ্চয়তাৰ গ্ৰাসত বিশ্বৰ সকলো দেশ। সকলোতে স্বাভাৱিক জীৱন যাত্ৰা আজি ব্যাহত। সমগ্ৰ দেশ লকডাউনৰ কৱলত থকাৰ সময়ত আন বহুতৰ দৰে ক্ৰীড়া জগতৰ লোকসকলো নিজৰ দৈনন্দিন অনুশীলন আদিৰ পৰা বঞ্চিত হৈ আছে। বহুতে অনলাইন ব্যৱস্থাৰ জৰিয়তে চেষ্টা কৰিছে নিজৰ প্ৰয়োজনীয় অনুশীলন কাৰ্যসূচী চলাই নিয়াৰ। অসমৰ আন্তঃৰাষ্ট্ৰীয় টাইকোৱানড’ খেলুৱৈ হৰ্ষা সিংহই লকডাউনৰ এই সময়খিনি অথলে যাব দিয়া নাই। নিজেও পুৱা গধূলি ঘৰতে অনুশীলন অব্যাহত ৰখাৰ সমান্তৰালকৈ নিজে পৰিচালনা কৰা জ’নছা (Jeonsa) নামৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলকো অনলাইন প্ৰশিক্ষণ প্ৰদান কৰি আছে খেলুৱৈগৰাকীয়ে।

অনুশীলনৰ মুহূৰ্তত হৰ্ষা

” লকডাউনৰ বাবে সকলো ঘৰতে আৱদ্ধ থাকিব লগা হোৱাত বৰ্তমান ষ্কাইপ (skype)ৰ জৰিয়তে তেওঁলোকক শিকাই আছোঁ। ই সন্মুখৰ পৰা শিকোৱাৰ দৰে নহয় যদিও সিহঁতৰ সময়খিনি যাতে মিছাতে অপচয় নহয় তাৰ বাবেই অনলাইনৰ সহায় লৈছো।তাৰোপৰি যিসকলৰ অনলাইন প্ৰশিক্ষণ লোৱাৰ সুবিধা নাই তেওঁলোকৰ বাবে Written Schedule দিয়াৰ ব্যৱস্থা কৰিছোঁ। ” ছাউথ এছিয়ান গেমছৰ স্বৰ্ণ বিজয়ী খেলুৱৈ গৰাকীয়ে olympiasports.in ক এইদৰে কয়।

খেলুৱৈসকলক এই সময়খিনি সক্ৰিয় হৈ থাকিবলৈ পৰামৰ্শ দি হৰ্ষাই কয় যে এই সময়খিনিত খেলুৱৈসকলে বিশেষভাৱে নিজৰ ডায়েটৰ ওপৰত গুৰুত্ব দিব লাগে। এখন দৈনিক ৰুটিন অনুসৰণ কৰি তেওঁলোকে আহিবলগা প্ৰতিযোগিতাৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিব লাগে।

ছাউথ এছিয়ান গেমছৰ এগৰাকী অন্যতম সদস্য আছিল হৰ্ষা

কৰ’নাৰ সময়ত নিজে ঘৰত থাকি শাৰীৰিক তথা মানসিকভাৱে শক্তিশালী হৈ থাকিব লাগে বুলি অনুভৱ কৰা হৰ্ষাই অসম চৰকাৰে এনে বিপদৰ সময়ত খেলুৱৈসকলৰ খৱৰ ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে অসম অলিম্পিক সন্থাই কৰ’নাৰ পিছত ৰাজ্যৰ তাৰকা খেলুৱৈসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল য’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও খেলুৱৈসকলৰ পৰা কৰ’নাৰ দ্বাৰা উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কে দিহা পৰামৰ্শ গ্ৰহণ কৰিছিল।


কৰ’নাৰ বিভীষিকাৰ অন্ত পৰাৰ পাছতেই হৰ্ষাৰ সন্মুখত আছে দুখনকৈ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ। লেবাননত হ’বলগীয়া এছিয়ান চেম্পিয়নশ্বিপখন কৰ’নাৰ বাবেই পিছুৱাই দিয়া হৈছে। হাতত পৰ্যাপ্ত সময়ো আছে। এছিয়ান চেম্পিয়নশ্বিপৰ উপৰিও হৰ্ষাৰ চূড়ান্ত লক্ষ্য এছিয়ান গেমছত দেশৰ হৈ পদক অৰ্জন কৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments