Sunday, October 2, 2022
HomeNewsলকডাউন: আর্তজনৰ কাষত হাজাৰিকাপাৰা ক্ৰীড়া সন্থা

লকডাউন: আর্তজনৰ কাষত হাজাৰিকাপাৰা ক্ৰীড়া সন্থা

olympiasports.in

কৰ’না ভাইৰাছৰ বাবে দেশত বৃদ্ধি পোৱা লকডাউনৰ সময়ছোৱাত আর্তজনৰ সহায়ৰ বাবে বিভিন্নজন আগবাঢ়ি অহাৰ সময়তে মঙ্গলদৈৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান হাজৰিকাপাৰা ক্ৰীড়া সন্থাও পিছ পৰি থকা নাই। অঞ্চলটোৰ ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা সন্থাটোৱে এইবাৰ অঞ্চলটোৰ দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰিছে। সন্থাই যোৱাবছৰ অনুষ্ঠিত কৰা আমন্ত্ৰণমূলক প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাৰ পৰা ৰাহি হোৱা ধনেৰে হাজৰিকাপাৰা আৰু দেৱানন্দ গাঁও পঞ্চায়তৰ অন্তর্গত দুশটাকৈ পৰিয়ালৰ মাজত গাইপতি পাঁচ কেজি চাউল, এক কেজি দাইল, মিঠাতেল এক লিটাৰ,চয়াবিন, নিমখ,বিস্কুট আদিৰ যোগান ধৰে। তদুপৰি সংস্থাটোৱে অসম আৰোগ্য নিধিলৈ এক লাখ টকাৰ লগতে অসম অলিম্পিক সন্থাৰ জৰিয়তে কৰোনা ভাইৰাছ প্ৰতিৰোধ পুঁজিলৈও ১১ হাজাৰ টকা আগবঢ়ায়। ইয়াৰ লগতে সন্থাই স্থানীয় বহুকেইজন ৰোগীৰ পৰিয়াললৈও আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে বুলি জানিবলৈ দিয়ে হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments