Tuesday, October 4, 2022
HomeNewsএইখন অসমৰে এখন গ্ৰামাঞ্চলত অনুষ্ঠিত হয় ভাৰতৰ দ্বিতীয় বৃহৎ ভলীবল প্ৰতিযোগিতা; দৰং...

এইখন অসমৰে এখন গ্ৰামাঞ্চলত অনুষ্ঠিত হয় ভাৰতৰ দ্বিতীয় বৃহৎ ভলীবল প্ৰতিযোগিতা; দৰং জিলাৰ হাজৰিকাপাৰা সকলোৰে আদৰ্শ হওক; আৰম্ভ হৈছে ক্ৰীড়া বিপ্লৱ

তুষাৰ প্ৰতিম

ক্ৰীড়াৰ জৰিয়তে চৰিত্ৰ, চৰিত্ৰৰ জৰিয়তে ব্যক্তি, ব্যক্তিৰ জৰিয়তে সমাজ– এই মূল মন্ত্ৰকে সাৰোগত কৰি এইখন অসমৰে এক গ্ৰামাঞ্চলত সৃষ্টি হৈছে ক্ৰীড়া বিপ্লৱ। এই বিপ্লৱৰ সূচনা কৰিছে অঞ্চলটোৰ এটা ক্ৰীড়া সংস্থাই। উপযুক্ত পৰিকল্পনা আৰু নীতি প্ৰস্তুত কৰি আগবাঢ়ি যোৱাৰ বাবেই এই গ্ৰামাঞ্চলত ক্ৰীড়াৰ এক সুস্থ পৰিবেশ গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তুলিবৈল সক্ষম হৈছে ক্ৰীড়া সংস্থাটোৱে।

দৰং জিলাৰ হাজৰিকাপাৰা। বহুতৰ বাবে এই নামটো চিনাকী যদিও আন বহুতৰ বাবেই হয়তো অচিনাকী। এই হাজৰিকাপাৰাতেই শেহতীয়াকৈ সৃষ্টি হৈছে ক্ৰীড়া বিপ্লৱ।

যুৱ প্ৰজন্ম যাতে বিপথে পৰিচালিত নহয়, সমাজখনত যাতে বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি হাজৰিকাপাৰা অঞ্চলত ক্ৰীড়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। অঞ্চলটোত গঢ় দিয়া এই ক্ৰীড়াৰ পৰিবেশৰ বাবেই ২৫ গৰাকীকৈ ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ অঞ্চলটোৰ পৰা ওলাই আহিছে। ইয়াৰ উপৰিও অঞ্চলটোৰ পৰা ওলাইছে নতুন প্ৰজন্মৰ কেইবাজনো স্বীকৃতিপ্ৰাপ্ত ৰেফাৰী।

হাজৰিকাপাৰাৰ ক্ৰীড়া বিপ্লৱৰ বিষয়ে হাজৰিকাপাৰাৰ সুযোগ্য সন্তান তথা নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান মিৰ্জাৰ অধক্ষ্য ডা০ ভাৰ্গৱ জ্যোতি চহৰীয়াৰ মুখৰ পৰা অৱগত হৈ olympiasports.in আৰু অলিম্পিয়া ক্ৰীড়া আলোচনীৰ পৰিচালন সঞ্চালক চিৰঞ্জীৱ শৰ্মা আৰু এই প্ৰতিবেদক গুৱাহাটীৰ পৰা গৈ অঞ্চলটোত উপস্থিত হৈছিলো। অঞ্চলটোৰ ক্ৰীড়া পৰিবেশ দেখিয়েই ভাগৰুৱা দেহ জুৰ পিৰছিল।

আপুনি জানি আচৰিত হ’ব এই হাজৰিকাপাৰাত কোনোধৰণৰ উন্নত ক্ৰীড়া আন্তঃগাথঁনি নথকাৰ পিছতো অনুষ্ঠিত হয় সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয়স্থানত থকা সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা। ভাৰতীয় জাতীয় ভলীবল দলৰ অধিনায়কৰ পৰা আৰম্ভ কৰি বহু উচ্চ পৰ্যায়ৰ ভলীবল ক্লাবৰ হাই প্ৰফাইল ভলীবল খেলুৱৈয়ে এই হাজৰিকাপাৰাত কেতিয়াবা মজিয়াত আকৌ কেতিয়াবা গঞা ৰাইজৰ ঘৰত নিশা পাৰ কৰি ভলিবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। হাজৰিকাপাৰাৰ পৰা উভতি যোৱাৰ সময়ত হাজৰিকাপাৰাৰ আতিথ্যত মুগ্ধ হোৱাৰ কথা কিন্তু কবলৈ নাপাহৰে।

দৰং জিলাৰ হাজৰিকাপাৰাত সৃষ্টি হোৱা এই ক্ৰীড়া বিপ্লৱ এতিয়া জিলাখনৰ বাবেই আদৰ্শ হৈ পৰিছে। হাজৰিকাপাৰাৰ সৰ্ববাৰতীয় আমন্ত্ৰণমূলক স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাখনকে আদৰ্শ হিচাপে লৈ জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’বলৈছে ভলীবল প্ৰতিযোগিতা।

olympiasports.in আৰু অলিম্পিয়াৰ পৰিচালন সম্পাদক আৰু এই প্ৰতিবেদক হাজৰিকাপাৰত উপস্থিত হোৱাৰ সময়ত অঞ্চলটোৰ খেল পথাৰখনত দেখিবলৈ পোৱা গৈছিল এজাক নতুন প্ৰজন্মৰ উদ্ভাসিত প্ৰতিভা। সকলো ব্যস্ত আছিল ভলীবলৰ অনুশীলন কৰাত। তেওঁলোকক শিকাই আছিল অঞ্চলটোৰে কেইজনমান জ্যেষ্ঠ ভলীবল খেলুৱৈয়ে। ভাল লগা দিশটো আছিল খেল পথাৰত ল’ৰা আৰু ছোৱালী সমানে ভৰি আছিল।

হাজৰিকাপাৰাত ভলীবল চৰ্চাত ব্যস্ত নতুন প্ৰজন্ম

হাজৰিকাপাৰা ক্ৰীড়া আঞ্চলিক সন্থাই যে কেৱল ভলীবল প্ৰতিযোগিতাহে অনুষ্ঠিত কৰে তেনে নহয়। সময়ে সময়ে ফুটবলকে ধৰি অন্যান্য ক্ৰীড়া প্ৰতিযোগিতাও অনু্ষ্ঠিত কৰি আহিছে।

১৯৮৮ চনতে হাজৰিকাপাৰাৰ অগৰণুৱা ব্যক্তি চন্দ্ৰ কুমাৰ শৰ্মাৰ নেতৃত্বত কেইজনমান উদ্যমী যুৱক তথা তেতিয়াৰ হাজৰিকাপাৰা ভলীবল দলটোৰ সদস্যসকলে হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ জন্ম দিছিল। সেই তেতিয়াৰ পৰাই এই সন্থাটোৱে নিৰৱছিন্নভাৱে অঞ্চলটোত ক্ৰীড়াৰ পৰিবেশ গঢ় দিবলৈ চেষ্টা কৰি আহিছে আৰু সফলো হৈছে।

অঞ্চলটোত ক্ৰীড়াৰ জৰিয়তে গঢ় দিয়া ব্যক্তিৰ চৰিত্ৰ, ব্যক্তিত্বৰ বাবেই হাজৰিকাপাৰাৰ কোনো ব্যক্তিৰ গাত নাই চৌৰ্য বৃত্তিৰ গুণ। এই কথা আমাৰ আগত ব্যক্ত কৰিচে হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদকগৰাকীয়ে। তেওঁৰ ভাষ্য অনুসৰি অঞ্চলটোৰ শিশু,যুৱকসকলে জ্যেষ্ঠসকলক সকলো সময়তে সন্মান প্ৰদান কৰাৰ লগতে কেতিয়াও তেওঁলোকৰ সন্মুখত অশ্লীল শব্দ নকয়,অখাদ্য খেৱন নকৰে। মোবাইল ফোনত দিনে নিশাই ব্যস্ত হৈ থকাৰ পৰিবৰ্তে আজৰিসময়ত খেলপথাৰতহে ব্যস্ত থাকি ভাল পায়।

যিদৰে ক্ৰীড়া ক্ষেত্ৰত এই অঞ্চলৰ নতুন প্ৰজন্মই নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিছে তেনেদৰেই শৈশিক ক্ষেত্ৰটো সমানে আগবাঢ়ি গৈছে। ভলীবল খেলি যদি কেতিয়াবা এই অঞ্চলৰ ছোৱালীয়ে পদক লাভ কৰিছে আকৌ একে সময়তে সেই একেগৰাকী ছোৱালীয়েই হাই স্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

হাজৰিকাপাৰাৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল উপযুক্ত পৰিকল্পনা আৰু যোগাত্মক মানসিকতা। পথৰ কাষৰ অপ্ৰয়োজনীয় খাল পুতি ক্ৰীড়া সন্থাটোৱে সুন্দৰকৈ সাজি উলিয়াইছে তেওঁলোকৰ কাৰ্যালয়। কাৰ্যালয়ৰ বাহিৰৰ আৰু ভিতৰৰ পৰিবেশটোৰ পৰাই অনুভৱ কৰিব পাৰি ক্ৰীড়াই কিদৰে এক সংস্কৃতি গঢ় দিয়ে। কাৰ্যালয়টোত সজাই ৰাখিছে তেওঁলোকৰ বিভিন্ন সময়ৰ স্মৃতি। খুব কম ঠাইত আটকধুনীয়াকৈ সাজিছে সকলো।

হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাই অঞ্চলটোত ক্ৰীড়া জৰিয়তে যি পৰিবেশৰ সূচনা কৰিছে সেয়া সকলোৰে বাবে আদৰ্শ হৈ উঠা উচিত। ক্ৰীড়াৰ লগত ওতঃপ্ৰোতভাৱে অঞ্চলটোৰ প্ৰতিজন ব্যক্তি জড়িত বাবেই অঞ্চলটোৰ প্ৰতিটো দিশতে এক সংস্কৃতি গঢ় লৈ উঠা পৰিলক্ষিত হয়। এই সংস্কৃতি ক্ৰীড়া, সাহিত্য়, জীৱনধাৰণ শৈলী আদি সকলোতেই সুন্দৰকৈ পৰিস্ফূত হৈ আছে। ‘হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থা’ স্বৰৈৱতী স্বৰৈৱতী স্বৰৈৱতী।

হাজৰিকাপাৰা ক্ৰীড়া সন্থাৰ বিভিন্ন প্ৰতিযোগিতাৰ ট্ৰফী

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments