Tuesday, October 4, 2022
HomeNewsঅন্ততঃ দুঘণ্টা অনুশীলন কৰিবলৈ দিয়ক…..

অন্ততঃ দুঘণ্টা অনুশীলন কৰিবলৈ দিয়ক…..

olympiasports.in

অন্ততঃ দুঘণ্টা অনুশীলন কৰিবলৈ দিয়ক….. এইদৰেই ক্ৰীড়া মন্ত্ৰালয়ৰ ওচৰত আবেদন কৰিছে ‘ধিং এক্সপ্ৰেছ’ হিচাপে খ্যাত অসমৰ হিমা দাস আৰু তেওঁৰ কেইগৰাকীমান সতীৰ্থ‌ই। ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশ ২১ দিন লকডাউন ঘোষণা কৰিছিল। বন্ধ কৰি দিয়া হৈছিল সকলোধৰণৰ জনসমাগম‌ হ’ব পৰা ঠাই। ইয়াৰ মাজত ষ্টেডিয়াম, চুইমিং পুল, জিমৰ পৰা আৰম্ভ কৰি সকলো ক্ৰীড়াৰ লগত জৰিত অনুষ্ঠান, প্ৰতিষ্ঠানো বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ ফলত সকলো ক্ৰীড়াবিদৰে অনুশীলন বন্ধ হৈ আছে। সকলো নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে। এই সময়তে কিন্তু তাৰকা এথলিট হিমা দাসৰ লগতে আৰু বহু কেইজন এথলিট পাটিয়ালাস্থিত এন আই এছত আৱদ্ধ হৈ আছে। সমগ্ৰ দেশ লকডাউন হৈ থকাৰ বাবে এতিয়া পাটিয়ালাৰ এন আই এছো বন্ধ হৈ আছে। ফলত অনুশীলনৰ পৰা বিৰত আছে হিমা সহিতে তেওঁৰ সতীৰ্থসকল। অনুশীলনৰ পৰা আতৰি থাকি আমনি লগাত এতিয়া হিমা সহিতে পাটিয়ালাৰ এন আই এছত আৱদ্ধ হৈ থকা সকলো এথলিটে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়লৈ আউটড’ৰ অনুশীলন কৰিবলৈ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে পাটিয়ালাস্থিত এন আই এছত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ হৈ আছে। গতিকে হিমা সহিতে তেওঁৰ সতীৰ্থসকলৰ এই আবেদনক সমৰ্থন জনাইছে উপ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰশিক্ষক ৰাধাকৃষ্ণন নায়াৰে। নায়াৰে কয় যে ‘ হিমা দাসৰ লগতে তেওঁৰ সতীৰ্থসকলে চৌহদৰ ভিতৰতে আউটড’ৰ অনুশীলনৰ বাবে বিচৰা আবেদনৰ ক্ৰীড়া মন্ত্ৰালয়ে দুই- এদিনতে উত্তৰ দিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments