অলিম্পিয়া প্ৰতিবেদন
অসমৰ তাৰকা এথলিট হিমা দাসক লৈ ৰাজ্যবাসীৰ লগতে দেশবাসীৰ আকাংক্ষাৰ সীমা নাই। ধিং এক্সপ্ৰেছৰূপে সমগ্ৰ বিশ্বতে খ্যাতি লাভ কৰা হিমা দাসে বিশ্ব জুনিয়ৰ এথলেটিকছত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত এছিয়ান গেমছতো একেদৰে উজলি উঠিছিল অসম কন্যা হিমা।
জাকাৰ্টা এছিয়াডত ৪০০ মিটাৰত ৰূপৰ পদক লাভ কৰা হিমাই পৰৱৰ্তী সময়ত পিঠিৰ আঘাতৰ বাবে ৪০০ মিটাৰৰ প্রতিযোগিতামূলক দৌৰৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। ফলত এথলিটগৰাকীৰ অলিম্পিক যাত্ৰাক লৈ সন্দেহৰ সৃষ্টি হৈছিল। কিন্তু এতিয়া হিমাক লৈ এক আশাৰ খবৰ কঢ়িয়াই আনিছে ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণণ নায়াৰে।
তেওঁৰ ভাষ্য অনুসৰি হিমাই ৪×১০০ মিটাৰ ৰীলেত খেলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। অহা বছৰত অনুষ্ঠিত হ’বলগীয়া টকীঅ’ অলিম্পিকলৈ ভাৰতীয় মহিলা ৰীলে দলটোক প্ৰেৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতীয় এথলেটিকছ সন্থা। সেই লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰতৰ মহিলা ৰিলে দলটোত হিমাক অন্তৰ্ভুক্ত কৰাৰ বাবে পৰিকল্পনা হাতত লৈছে সন্থাই।
উল্লেখযোগ্য যে, অলিম্পিকত যোগ্যতা অর্জনৰ বাবে অহা জুনৰ ভিতৰত বিশ্বৰ শীৰ্ষ ১৬ টা ৰিলে দলৰ মাজত স্থান নিশ্চিত কৰিব লাগিব ভাৰতীয় দলটোৱে।
ভাৰতীয় মহিলা ৰিলে দলটোৱে অলিম্পিকলৈ যোগ্যতা নিৰ্ণয়ৰ বাবে এপ্ৰিলত থাইলেণ্ডত হ’বলগীয়া এছিয়ান ৰিলে চেম্পিয়নশ্বিপ আৰু পোলেণ্ডত হ’বলগীয়া বিশ্ব ৰিলেত উন্নত প্ৰদৰ্শন দাঙি ধৰিব লাগিব। হিমাৰ অন্তর্ভূক্তিয়ে ভাৰতীয় দলটোক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে।