Sunday, October 2, 2022
HomeNews২৯ জুনত নিৰ্ণয় হ'ব হিমাৰ অলিম্পিক ভৱিষ্যত! হিমাৰ প্ৰশিক্ষক নিপন দাসৰ সৈতে...

২৯ জুনত নিৰ্ণয় হ’ব হিমাৰ অলিম্পিক ভৱিষ্যত! হিমাৰ প্ৰশিক্ষক নিপন দাসৰ সৈতে ‘অলিম্পিয়া’ৰ ‘Exclusive’ সাক্ষাৎকাৰ

টকিঅ’ত অনুষ্ঠিত হ’ব ২০২০ৰ অলিম্পিক। ২৪ জুলাইৰ পৰা আৰম্ভ হ’ব বিশ্ব ক্ৰীড়াৰ এই মহাৰণ। তাকে লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত চলিছে জল্পনা-কল্পনা। ভাৰতে এইবাৰ এক ন উদ্যমে অৱতীৰ্ণ হ’ব মেগা ইভেণ্টখনত। অসমৰো বহুকেইগৰাকী ক্ৰীড়াবিদৰ সম্ভাৱনা আছে আগন্তুক অলিম্পিকত নিজৰ স্থান নিগাজি কৰাৰ। এইক্ষেত্ৰত প্ৰথমেই আহে স্বৰ্ণকন্যা হিমা দাসৰ নাম। অৱশ্যে মাজতে আঘাতজনিত সমস্যা তথা নিম্নগামী প্রদৰ্শনৰ বাবে হিমাৰ অলিম্পিক যাত্ৰাক লৈ কিছু প্ৰশ্নও উত্থাপন হৈছিল। তেনে কিছু প্ৰশ্নৰেই উত্তৰ বিচাৰি আমি কাষ চাপিছিলো হিমাৰ প্ৰশিক্ষক নিপন দাসৰ।

২০২০ৰ টকিঅ’ অলিম্পিকত স্বৰ্ণকন্যা হিমা দাসক দেখা পোৱা যাবনে? কিমান সম্ভাৱনা আছে? এথলেটিকছৰ কোনকেইটা ইভেণ্টত হিমা নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে? এই সম্পৰ্কে হিমাৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নিপন দাসে আমাক জনাই যে হিমাক ২০২০ৰ অলিম্পিকত নিশ্চিতভাৱে দেখা পোৱা যাব। ইতিমধ্যে অলিম্পিকলৈ নিৰ্বাচিত হৈছে ভাৰতীয় ৰীলে দলটো। অৱশ্যে ৰীলে দলটোত হিমাৰ নামটো স্পষ্ট ভাষাত উল্লেখ নথকা সন্দৰ্ভত দাসে কয় যে ভাৰতীয় দলটো নিৰ্বাচিত হোৱা মানে হিমাৰো খেলাৰ সুযোগ নিশ্চিতভাৱে আছে। হিমাৰ অলিম্পিক যাত্ৰা সন্দৰ্ভত উদ্ভৱ হোৱা প্ৰশ্নৰ উত্তৰ দি দাসে কয় যে ” ২০২০ৰ ২৯ জুনলৈকে সময়সীমা নিৰ্ধাৰণ কৰা আছে। এই সময়সীমাৰ ভিতৰত IAAF ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো ৰেচত অলিম্পিক ফেডাৰচনে নিৰ্ধাৰণ কৰি দিয়া কোৱালিফায়িং মাৰ্ক স্পৰ্শ কৰিলেই হিমাই খেলিব পাৰিব অলিম্পিকত। কেৱল ৰীলেতেই নহয় , হিমাই ৪০০ আৰু ২০০ মিটাৰতো ভাগ লব পাৰিব। ৪০০ মিটাৰৰ বাবে নিৰ্ধাৰিত ৫১.৩৫ আৰু ২০০ মিটাৰৰ বাবে নিৰ্ধাৰিত ২২.৮০ চেকেণ্ডৰ কোৱালিফায়িং মাৰ্ক স্পৰ্শ কৰিলেই এই দুয়োটা ইভেণ্টতে হিমাই সুযোগ লাভ কৰিব। আৰু নিশ্চিতভাৱে হিমাই সেই মাৰ্ক স্পৰ্শ কৰি অলিম্পিকত ভাগ ল’ব। আমি সকলো সাজু হৈ আছোঁ টকিঅ’লৈ যাবলৈ । “


এতিয়া হিমাৰ সন্মুখত ২৯ জুনলৈকে আছে বহুকেইখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ৰেচ। লক্ষণীয় হ’ব কিদৰে হিমাই এই ৰেচসমূহত অলিম্পিকৰ বাবে নিৰ্ধাৰিত কোৱালিফায়িং মাৰ্ক স্পর্শ কৰে?

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments