Monday, October 3, 2022
HomeNewsএটা সময়ত নিজে জোতাত লিখি লৈছিলোঁ এডিডাছ, এতিয়া এডিডাছৰ জোতাত লিখা থাকে...

এটা সময়ত নিজে জোতাত লিখি লৈছিলোঁ এডিডাছ, এতিয়া এডিডাছৰ জোতাত লিখা থাকে মোৰ নাম:হিমা দাস

olympiasports.in

লকডাউনৰ মাজতেই অসম কন্যা হিমা দাসে ভাৰতীয় ক্ৰিকেট দলৰ বাওঁহতীয়া ষ্টাইলিছ বেটছমেন সুৰেশ ৰাইনাৰ লগত ইনষ্টাগ্ৰাম লাইভত দীৰ্ঘ সময় ধৰি বাৰ্তালাপ কৰে। এই লাইভতে হিমাই সুৰেশ ৰাইনাক অসমীয়াতে বিহুৰ শুভেচ্ছা জনাবলৈ শিকায়। আনহাতে কথাৰ প্ৰসংগত হিমাৰ সপোন কেনেদৰে পূৰণ হৈছিল সেয়াও ব্যাখ্যা কৰে।

সৰুতে হিমাই সপোন দেখিছিল এযোৰ ‘এডিডাছ’ ৰ জোতাৰ। এডিডাছৰ জোতাই হিমাক বৰকৈ আকৰ্ষণ কৰিছিল‌। সেয়ে তেওঁৰ দৰিদ্ৰ পিতৃয়ে আনি দিয়া সাধাৰণ জোতাৰ ওপৰতে হিমাই নিজেই এডিডাছ বুলি লিখি লৈছিল। এই কথা হিমাই ইনষ্টাগ্ৰাম লাইভত সুৰেশ ৰাইনাৰ আগত নিজ মুখেৰে প্ৰকাশ কৰিছে। হিমাই কৈছে-

‘প্ৰথমে মই খালী ভৰিৰে দৌৰিছিলো। যেতিয়া প্ৰথমবাৰ নেচনেল খেলিছিলো, সেইবাৰ দেউতাই এযোৰ সাধাৰণ জোতা আনি দিছিল। এই জোতা যোৰত মই নিজৰ হাতেৰে এডিডাছ বুলি লিখি দিছিলোঁ। কোনেও নাজানে নিজৰ ভৱিষ্যত কেনেকুৱা হয়, আজি এডিডাছে মোৰ নামত জোতা তৈয়াৰ কৰে।’

এডিডাছৰ ব্ৰেণ্ড এম্বেছেডৰ হিমা

উল্লেখ্য যে ২০১৮ চনত বিশ্ব চেম্পিয়নশ্বিপত হিমাই ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিছিল। ইয়াৰ পিছতেই জাৰ্মানীৰ বিশ্ব প্ৰসিদ্ধ এডিডাছ নামৰ প্ৰতিষ্ঠানটোৱে হিমাক তেওঁলোকৰ ব্ৰেণ্ড এম্বেছেডৰ ৰূপে নিযুক্তি দিছিল। সমান্তৰালভাৱে হিমাৰ জোখত প্ৰতিষ্ঠানটোৱে জোতা তৈয়াৰ কৰি আহিছে। য’ত এফালে হিমা দাস বুলি লিখাৰ উপৰিও আনটো ফালে লিখিছে Here to Create History ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments