Monday, October 3, 2022
HomeNewsজংকি-পানেইৰ অমৰ কাহিনীয়ে বাৰে বাৰে আৱেগিক কৰে হিমাক

জংকি-পানেইৰ অমৰ কাহিনীয়ে বাৰে বাৰে আৱেগিক কৰে হিমাক

olympiasports.in

লকডাউনৰ সময়ছোৱাত পাটিয়ালাস্থিত এন আই এছত আবদ্ধ হৈ আছে ‘ধিং এক্সপ্ৰেছ’ হিমা। লকডাউনৰ এই সময়ছোৱাত হিমাই কেতিয়াবা যদি বাদ্যযন্ত্ৰৰ লগত ৰকষ্টাৰৰ দৰে জুবিনৰ টান গান গাবলৈ চেষ্টা কৰিছে আকৌ কেতিয়াবা ছবি আঁকিছে। ইয়াৰ মাজতে আকৌ প্ৰধানমন্ত্ৰীৰ লগত আলোচনাতো মিলিত হৈছিল হিমা। শেহতীয়াকৈ আমি হিমাৰ লগত পুনৰ কথা পাতিবলৈ যত্ন কৰিছিলোঁ। লকডাউনৰ বাবে বন্ধ হৈ আছে অনুশীলন। সেয়ে হিমাৰ হাতত আছিল অপৰ্যাপ্ত সময়।

‘লকডাউনৰ বাবে এতিয়া এন আই এছতে সময় পাৰ কৰিছোঁ। শৰীৰটো মেদবহুল ন’হবলৈ এখন ৰুটিন তৈয়াৰ কৰি লৈছোঁ। সেই মতেই যোগ আৰু স্কিপিং কৰিছোঁ‌। বন্ধু এজনে কেইখনমান কিতাপৰ পিডিএফ পঠিয়াই দিছিল সেইবোৰ পঢ়িছোঁ। ইয়াৰ উপৰিও নিজেই ৰান্ধি খাইছো।’ হিমাই ক’লে এইদৰে‌।

লকডাউন আৰম্ভ হোৱাৰ সময়তে অসমৰ যুৱ চামৰ মাজত এক সুন্দৰ চিন্তা প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছিল। লকডাউনৰ সময়ছোৱা যাতে অথলে নাযায়, গ্ৰন্থ অধ্যয়নৰ জৰিয়তে সময়খিনিক মহিয়ান কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰা দেখিবলৈ পোৱা গৈছিল। হোৱাটছ‌এপ্ ৰ জৰিয়তে ফৰৱাৰ্ড হৈছিল এখনৰ পিছত এখন গ্ৰন্থৰ পিডিএফ। হিমালৈ ফৰৱাৰ্ড হ’ল চাৰিখন মহান গ্ৰন্থ। ৰজনীকান্ত বৰদলৈৰ জংকি-পানেইৰ কাহিনীৰ ‘মিৰি জীয়ৰী’, মহিম বৰাৰ ‘কাঠনিবাৰী ঘাট’, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’ আৰু ড০ নগেন শ‌ইকীয়াৰ ‘এন্ধাৰত নিজৰ মুখ’। হিমাই আমাৰ আগত ক’লে এতিয়ালৈকে ‘মিৰি জীয়ৰী’ তিনিবাৰ পঢ়িলে। জংকি-পানেইৰ অমৰ কাহিনীয়ে বাৰে বাৰে আৱেগিক কৰি তোলে।

আঘাতৰ সমস্যাৰ বাবে বিগত বৰ্ষটোত যথেষ্ট ক্ষতি হোৱা হিমাৰ এতিয়া নাই কোনো আঘাতৰ সমস্যা।হিমা এতিয়া শাৰিৰীক ভাবেও সুস্থ। লকডাউন সিঠিল হলেই হিমাই অনুশীলন আৰম্ভ হ’ব। এক কথাত কবলৈ গ’লে অনুশীলন কৰিবলৈ উদগ্ৰীব হৈ আছে হিমা। এথলেটিকছৰ বৰ্ষটো আৰম্ভ হ’ব নৱেম্বৰ মাহৰ পৰা। তেতিয়ালৈকে কৰ’না ভাইৰাছৰ আতংক কমিব বুলি বিশ্বাসী হিমা।

প্ৰতিদিনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি হিমাই কৰ’নাৰ যুজঁত মানৱ জাতিৰ জয়ী হোৱাটো আশা কৰিছে। আশা কৰিছে কৰ’না মুক্ত এটা নতুন পুৱালৈ‌। সেয়েহে দেশৰ জনসাধাৰণে সকলো চৰকাৰী নীতি-নিৰ্দেশনা সুচাৰুৰূপে পালন কৰাটো বিচাৰে হিমাই। হিমাৰ আহ্বান সকলৈ ঘৰতেই থাকক, সুস্থ থাকক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments