Thursday, July 7, 2022
HomeNewsট্ৰেকলৈ প্ৰত্যাৱৰ্তন হিমাৰ; অলিম্পিকলৈ এতিয়াও বহু দূৰ!

ট্ৰেকলৈ প্ৰত্যাৱৰ্তন হিমাৰ; অলিম্পিকলৈ এতিয়াও বহু দূৰ!

অলিম্পিয়া প্ৰতিবেদন

অৱশেষত ট্ৰেকলৈ প্ৰত্যাৱৰ্তন ঘটিল ধিং এক্সপ্ৰেছ হিমা দাসৰ। পিঠিৰ আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ট্ৰেকৰ পৰা আঁতৰি থকা অসম কন্যা হিমাই বৃহস্পতিবাৰে অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়ান গ্ৰা প্ৰিত অংশ লৈ ২০০ মিটাৰ দৌৰত আজুৰি আনে স্বৰ্ণ। এই ৰেচ সম্পূৰ্ণ কৰিবলৈ হিমাই সময় লয় ২৩.৩১ চেকেণ্ডৰ। অৱশ্যে এই সময়ৰে অলিম্পিকলৈ যোগ্যতা অর্জনৰ পৰা সতযোজন দূৰতেই ৰয় অসম কন্যা হিমা। অলিম্পিকৰ যোগ্যতা অর্জনৰ বাবে নিৰ্ধাৰিত সময় আছিল ২২.৮০ চেকেণ্ড।

উল্লেখযোগ্য যে আঘাতৰ সমস্যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি হিমাই নিজৰ প্রিয় ইভেণ্ট ৪০০ মিটাৰৰ পৰিৱৰ্তে বৰ্তমান ১০০ আৰু ২০০ মিটাৰত মনোনিৱেশ কৰিছে। ২০০ মিটাৰ দৌৰত বিশেষ অভিজ্ঞতা নথকা এথলিটগৰাকীয়ে ইয়াৰ পূৰ্বে কেৱল তিনিবাৰহে এই শিতানত উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে, ২০১৮ৰ ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী এথলিটগৰাকীয়ে ২০১৮ৰ এছিয়ান গেমছতো বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এছিয়ান গেমছৰ সময়তে পিঠিৰ আঘাতত ভোগা হিমাই আঘাতৰ সমস্যাৰ বাবেই ২০১৯ৰ ডোহাত অনুষ্ঠিত ৱৰ্ল্ড চেম্পিয়নশ্বিপত অংশ লোৱাৰ পৰা বঞ্চিত হয়।

হিমাৰ সমুখত এতিয়াও ফেডাৰেচন কাপৰ ৰূপত আছে অলিম্পিকলৈ যোৱাৰ বাবে আন এক সুযোগ। সমগ্ৰ অসমৰ লগতে দেশবাসীৰ সেই আশা হিমাই পূৰণ কৰিবলৈ সক্ষম হ’ব নে নহয়, সেই কথা জানিবলৈ এতিয়া সকলোৱে অপেক্ষা কৰিব লাগিব আগন্তুক ফেডাৰেচন কাপলৈ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments